অসম

শালবাৰীৰ গোৱৰ্ধনাত ট্ৰেক্টৰ দুৰ্ঘটনাত এজনৰ মৃত্যু

asomiyapratidin

ডিজিটেল সংবাদ, শালবাৰীঃ বাক্সাৰ গোবৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত গোবৰ্ধনা চ'ক বজাৰৰ সমীপত ট্ৰেক্টৰ দুৰ্ঘটনাত বৃহস্পতিবাৰে পুৱা বিক্ৰম মুছাহাৰী (২৭)নামৰ এজন যুৱকৰ শোকাৱহ মৃত্যু ঘটে৷

প্ৰাপ্ত তথ্য অনুসৰি, পুৱা প্ৰায় ৯ বজাত গোৱৰ্ধনা আৰক্ষী থানাৰ সমীপৰ শিলিখাগুৰিত ট্ৰেক্টৰৰ লেবাৰ বিক্ৰম মুছাহাৰী ট্ৰেক্টৰৰ পৰা পিছল খাই তললৈ পৰি যায় আৰু ট্ৰেক্টৰ খনৰ পিছৰ চকা বুকুৰ ওপৰেৰে পাৰ হৈ যোৱাত থিতাতেই মৃত্যু হয় যুৱকজনৰ৷

মৃত যুৱকজনৰ ঘৰ শালবাৰী আৰক্ষী থানাৰ অন্তৰ্গত কমলাবাৰীত বুলি জানিব পৰা গৈছে৷ গোৱৰ্ধনা আৰক্ষীয়ে ট্ৰেক্টৰ সহ চালকক ঘটনা সংঘটিত হোৱাৰ পিছতেই আটক কৰিছে৷