অসম

আজিৰে পৰা গুৱাহাটীত বিশেষ পথ নিৰ্দেশনাঃ জানক সৱিশেষ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মঙলবাৰে বৰ্ষাপাৰত অনুষ্ঠিত হ'ব ভাৰত-অষ্ট্রেলিয়াৰ T-20 মেচ। মেচৰ পূৰ্বে গুৱাহাটী ট্রেফিক আৰক্ষীয়ে জাৰি কৰিছে পথ নিৰ্দেশনা। তলত সৱিশেষ উল্লেখ কৰা হ'ল-

  • NH-27 আৰু NH-17ত মালবাহী বাহনৰ চলাচল নিষিদ্ধ।

  • ২৭ নবেম্বৰৰ দিনৰ ১২ বজাৰ পৰা ২৮ নৱেম্বৰৰ নিশা ১২বজালৈ বলবৎ‍ থাকিব এই নিৰ্দেশনা।

  • AK আজাদ ৰোড, AK দেৱ ৰোডতো বাহাল থাকিব এই নিৰ্দেশনা।

  • লগতে তিনিচকীয়া বাণিজ্যিক বাহনৰ ক্ষেত্রতো প্রযোজ্য হ’ব এই নিৰ্দেশনা।

  • ২৮ নবেম্বৰত AK আজাদ ৰোড (লখৰা পথ) ওৱান ৱে’।

  • চাইকেল ফেক্টৰী হৈ লখৰা চাৰিআলি অভিমুখে যাব পাৰিব বাহন।

  • কাৰ পাছ থকা সকলৰ বাদে আন বাহন লখৰা চাৰিআলিৰে প্রৱেশত বাধা।

  • স্কুল বাছ, আপাতকালীন বিভাগৰ বাহন, অগ্নিনিৰ্বাপকৰ বাহনৰ ক্ষেত্রত নাথাকিব বাধা।

  • ২৮ নৱেম্বৰত বৰ্ষাপাৰা তিনিআলিৰ পৰা ধীৰেনপাৰা তিনি আলিলৈ ওৱান ৱে’।

  • কাৰ পাছ নথকা বাহন বৰ্ষাপাৰা তিনি আলিৰে প্রৱেশ কৰিব নোৱাৰিব।

  • ধীৰেনপাৰা তিনি আলি হৈ বৰ্ষাপাৰা ষ্টেডিয়ামলৈ বাহন প্রৱেশ কৰিব নোৱাৰিব।