অসম

গহপুৰত ৰাজ সাহায্যযুক্ত ট্ৰেক্টৰ বিতৰণ

asomiyapratidin

ডিজিটেল ডেস্কঃ আজি অসম চৰকাৰৰ উদ্যোগত গহপুৰ মহকুমা প্ৰশাসন আৰু মহকুমা কৃষি বিভাগৰ সৌজন্যত গহপুৰ নগৰ সমিতিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সভাত ২০টা কৃষক গোটৰ মাজত ২০খন ৰাজ সাহায্য যুক্ত ট্ৰেক্টৰ বিতৰণ কৰা হয়।

এই উপলক্ষে গহপুৰ মহকুমা কৃষি বিষয়া বিজয় দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত গহপুৰৰ বিধায়ক উৎপল বৰা, বিশ্বনাথ জিলা উপায়ুক্ত ধীৰাজ জ্যোতি কলিতা, গহপুৰৰ মহকুমাধিপতি ড০ ইন্দ্ৰানসী দাস, জিলা কৃষি বিষয়া প্ৰদীপ সোণোৱাল আদি চৰকাৰী বিষয়াসকল উপস্থিত থাকি আঁচনিখনে কি দৰে কৃষক ৰাইজক উপকৃত কৰিব তাৰ ওপৰত আলোকপাত কৰে।

উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য যোজনাৰ অধীনত গহপুৰ মহকুমাৰ ৩১৩ টা কৃষক গোটলৈ ৰাজ সাহায্যযুক্ত ট্ৰেক্টৰ আৱন্টন দিয়া হৈছে। বাকী ট্ৰেক্টৰসমূহ পৰ্যায় ক্ৰমে বিতৰণ কৰা হ'ব বুলি বিভাগীয় সূত্ৰত প্ৰকাশ।