অসম

‘মেকফি নব’ৰ দৰে বঙাইগাঁৱতো আছে নাককাটি পাহাৰ, পৰ্যটক নাহে, যায় উদণ্ড ল’ৰা, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, অভয়াপুৰীঃ আমেৰিকাৰ ভাৰ্জিনিয়া চিটিত থকা "মেকফি নব" আৰু নৰৱেৰ "ট্ৰুলটুংগা" পাহাৰত প্ৰাকৃতিকভাৱে আনুভূমিক দিশত বাঢ়ি অহা শিল এচটাই বিশ্বৰ পৰ্যটকক আকৰ্ষিত কৰাৰ সময়তেই পোহৰলৈ আহিছিল বঙাইগাঁও জিলাৰ নাককাটি পাহাৰত থকা এচটা শিল৷ মেকফি নব বা ট্ৰুলটুংগা পাহাৰৰ শিলচটাৰ লগত সাদৃশ্য থকা শিল এচটা আৱিস্কাৰ কৰা হৈছিল বইটামাৰীৰ নাককাটি পাহাৰত৷

স্বাভাৱিকতে এই শিলচটা আৱিস্কাৰ হোৱাৰ পিছতেই নিতৌ পাহাৰখনৰ শিখৰত থকা শিলচটা চাবলৈ তথা তাত ফটো একপি উঠিবৰ বাবেই সোঁত বয় পৰ্যটকৰ৷ কিন্তু এই শিলচটাত এজন যুৱকে কিছু আচৰিত কাৰ্য কৰা এটা ভিডিঅ' চ'ছিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ পিছতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এজন উদণ্ড যুৱকে বিপদজ্জনকভাৱে শিলচটাত ওলমি কৰা ভিডিঅ'ই চিন্তিত কৰি তুলিছে নাককাটি পাহাৰৰ নামনিৰ প্ৰকৃতিপ্ৰেমীসকলক৷ চাওক চ'ছিয়েল মিডিয়াত প্ৰচাৰ হোৱা ভিডিঅ'টো-

কিয়নো এনেধৰণৰ যুৱকৰ উদ্ভণ্ডালীয়ে যিকোনো মুহূৰ্তত সংঘটিত কৰিব পাৰে ভয়ংকৰ দুৰ্ঘটনা৷ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু নাককাটি পাহাৰলৈ আনিব পাৰে অশনি সংকেত৷ যুৱকজন কোন ঠাইৰ জানিব পৰা হোৱা নাই যদিও তেওঁৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সচেতন ৰাইজে৷