অসম

শিক্ষা বিভাগৰ বিষয়া পৰ্যায়ত ব্যাপক ৰদবদল…

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাজ্যৰ শিক্ষা বিভাগত ব্যাপক ৰদবদল। প্ৰাথমিক শিক্ষাৰ উপ-সঞ্চালক জ্যোৎস্না ৰাণী বৰ্মনক বদলি কৰা হৈছে বঙাইগাঁৱৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া হিচাপে।বঙাইগাঁৱৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া আমিৰ হুছেইনক বদলি কৰা হৈছে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ উপ-সঞ্চালক হিচাপে।

শিৱসাগৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া শুভলক্ষ্মী ৰাজকুমাৰীক বদলি কৰা হৈছে যোৰহাটৰ জিলা বিদ্যালয় পৰিদৰ্শক হিচাপে। যোৰহাটৰ বিদ্যালয় পৰিদৰ্শক দেৱজ্যোতি গগৈক বদলি কৰা হৈছে ছেকেণ্ডাৰী এডুকেশ্যনৰ উপ সঞ্চালক হিচাপে। উচ্চ শিক্ষা সঞ্চালকালয়ৰ উপ-সঞ্চালক জয়ন্ত ঠাকুৰীয়াক বদলি কৰা হৈছে ধুবুৰী জিলা প্ৰাথমিক শিক্ষা বিষয়া হিচাপে।

আনহাতে ছেকেণ্ডাৰী এডুকেশ্যনৰ উপ-সঞ্চালক মাধৱ চন্দ্ৰ ডেকাক বদলি কৰা হৈছে দৰং জিলাৰ বিদ্যালয় পৰিদৰ্শক হিচাপে। দৰং জিলাৰ বিদ্যালয় পৰিদৰ্শক প্ৰভাত দাসক বদলি কৰা হৈছে শোণিতপুৰৰ জিলাৰ প্ৰাথমিক বিষয়া হিচাপে। ইয়াৰোপৰি নগাঁৱৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া লাভজা জাৰম বুশ্বাক বদলি কৰা হৈছে বড়ো মাধ্যম আৰু আন জনজাতীয় ভাষাৰ সঞ্চালকালয়ৰ উপ-সঞ্চালক হিচাপে।