অসম

টোল গেটৰ আজৱ কাণ্ডঃ ঘৰত থকা বাহনৰ পৰা সংগ্ৰহ কৰিলে টোল...

Asomiya Pratidin

ডিজিটেল সংবাদ,বেবেজীয়াঃ নগাঁৱৰ টোল গেটৰ আজৱ কাণ্ডই হতচকিত কৰিছে ভুক্তভোগীক। জানিব পৰা মতে এগৰাকী মহিলাৰ ঘৰতে থকা বাহনৰ পৰা টোল গেটৰ কৰ কৰ্তন কৰা কাৰ্যই সকলোৰে চকু কপালত তুলিছে ৷

জিলাখনৰ বেবেজীয়াৰ সমীপৰ ডিমৌৰ শ্ৰী শ্ৰী মাহৰাসত্ৰ নিবাসী নীলিমা দেৱী গোস্বামীৰ এ এছ-০২-এল ৫৭৫৪ নম্বৰৰ ব্যক্তিগত বাহনখনৰ পৰা বৃহস্পতিবাৰে নগাঁও-হোজাই সংযোগী পথৰ ডবকাৰ মিকিৰআটি হাওগাঁৱত থকা টোল গেটটোৰ নামত কৰ কৰ্তন কৰা হয় ৷

ভুক্তভোগী মহিলাগৰাকীয়ে জনোৱা অনুসৰি এছ বি আই বেংক একাউণ্টৰ পৰা ফাষ্ট টেগৰ জৰিয়তে বৃহস্পতিবাৰে পুৱা ১০ বাজি ৯ মিনিটত ৯০ টকা টোল কৰ কৰ্তন কৰা হয় ৷ কিন্তু আশ্চৰ্যজনক কথাটো হ’ল মহিলাগৰাকীৰ বাহনখন কোনো টোল গেটেৰে পাৰ নোহোৱাৰ বিপৰীতে বাহনখন ঘৰতহে আছিল বুলি জনায় ৷

আনকি বিগত প্ৰায় ডেৰ বছৰৰো অধিক কাল মহিলাগৰাকীৰ বাহনখন ডবকাৰ মিকিৰআটি হাওগাঁৱত থকা টোল গেটেৰে যাতায়াতেই কৰা নাই ৷ কিন্তু মহিলাগৰাকীৰ ম’বাইললৈ এই সংক্ৰান্তত অহা ফাষ্ট টেগ ব্যৱস্থাৰে টোল কৰ কৰ্তনৰ মেচেজ অহাত এতিয়া স্তম্ভিত হৈ পৰিছে মহিলাগৰাকীৰ লগতে পৰিয়ালটো ৷

উল্লেখ্য যে, বিগত সময়ছোৱাত ডবকাৰ মিকিৰআটি হাওগাঁৱৰ টোল গেটটোত এনে ঘটনা বহুকেইটা সংঘটিত হৈ আহিছে ৷ ইয়াৰ বাবে টোল গেটটোৰ কৰ্তৃপক্ষক বাৰম্বাৰ অভিযোগ দাখিল কৰি অহাৰ পিছতো সংশ্লিষ্ট কৰ্তৃপক্ষই বিষয়টোত তিলমানো গুৰুত্ব নিদি চৰম মইমতালিৰে অনুৰূপ ধৰণে টোল কৰ সংগ্ৰহ কৰি ৰাইজক মাধমাৰ শোধাইহে আহিছে বুলি উল্লেখ কৰে ৷