অসম

দৌলযাত্রা মহোৎসৱৰ চতুৰ্থ দিনাও বটদ্রৱা থানত তীৰ্থ যাত্রীৰ লানি-নিছিগা সোঁত

Asomiya Pratidin

ডিজিটেল সংবাদ,বটদ্রৱা : মহাপুৰুষ শ্রীমন্ত শংকৰ দেৱে আজিৰ পৰা প্রায় ৫৫০ বছৰ আগতে ‘চিহ্নযাত্রা’ ভাওনা অনুষ্ঠিত কৰা স্থানত জগন্নাথ পুৰীৰ ইন্দ্রদ্যুম্ন ৰজাই সজা দৌলৰ আৰ্হিত এটি দৌল মন্দিৰ সাজি ভাৰতীয় মহাজীৱনৰ অনুপম আনন্দ ৰঙৰ উৎসৱ ফাকুৱা পাতিছিল। তাহানিৰ পৰা এই মহান ঐতিহ্যক সাৰোগত কৰি যোৱা ৬ মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা শ্রীশ্রী দৌলযাত্রা মহোৎসৱৰ চতুৰ্থ দিনা বৃহস্পতিবাৰে পুৱাৰে পৰা বটদ্রৱা থানত তীৰ্থ যাত্রী, ভক্ত-বৈষ্ণবৰ লানি নিছিগা সোঁত বৈ আছে।

পুৱাৰে পৰা বটদ্রৱাত গুৰুজনাৰ স্মৃতি বিজড়িত কীৰ্তন ঘৰ, পদশিলা, দৌল মন্দিৰত ভক্ত বৈষ্ণৱ সকলে ধূপ, দীপ, নৈবেদ্য আগবাঢ়াই সেৱা জনাইছে। ইফালে দৌল উৎসৱ উপলক্ষে থানৰ চৌপাশে অনুষ্ঠিত আৰ্কষনীয় ৰঙৰ হাটত পৰিয়াল সহিতে বজাৰ সমাৰ কৰি আনন্দ উপভোগ কৰে হেজাৰ হেজাৰ লোকে।

উল্লেখ্য যে বটদ্রৱা থানৰ নিত্য-নৈমিত্তিক চৈধ্য প্রসংগ চলি থকাৰ লগতে যাত্রীৰ থান সেৱা অব্যহত থাকিব আৰু ১০ মাৰ্চ শুকুৰবাৰে ৰঙৰ হাটৰ সামৰণি পৰিব।