অসম

আজি অচল হৈ পৰিব ৰাজ্যৰ ৩৯ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ পাঠদান…

asomiyapratidin

ডিজিটেল ডেস্কঃ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই টেট শিক্ষক সকলক লৈ কৰা তীৰ্যক মন্তব্য আৰু তেওলোকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীত আজি ৪১ হাজাৰ টেট শিক্ষকে সাব্যস্ত কৰিব প্ৰতিবাদ। কেইটামান দিনৰ পূৰ্বে শিক্ষকক ড্ৰাইভাৰৰ লগত তুলনা কৰা উদ্ভট মন্তব্যৰ বাবে শিক্ষামন্ত্ৰীক ক্ষমা খোজাৰ দাবীৰে কৰা এই প্ৰতিবাদৰ ফলত আজি অচল হৈ পৰিব ৰাজ্যৰ ৩৯ হাজাৰ প্ৰাথমিক বিদ্যালয়ত পাঠদান। প্ৰতিখন জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত টেট শিক্ষকসকলে সাব্যস্ত কৰিব প্ৰতিবাদ। আনহাতে টেট শিক্ষক সকলৰ দাবী মানি নললে ২৯ জুনত পুনৰ দিছপুৰ ঘেৰাও কাৰ্যসূচী কৰাৰ হুংকাৰ প্ৰদান কৰিছে টেট শিক্ষকসকলে।