অসম

টি কে কনষ্ট্ৰাকচনৰ বঞ্চিত কৰ্মচাৰীৰ আত্মহননৰ হুংকাৰ, নগাঁৱত তীব্ৰ প্ৰতিবাদ…

asomiyapratidin

ডিজিটেল সংবাদ,চামগুৰি : দেওঁবাৰে নগাঁৱৰ গোমোঠা গাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত টি কে কনষ্ট্ৰাকচন কোম্পানীৰ অৱহেলিত ঠিকাদাৰ কৰ্মচাৰীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।একপ্ৰকাৰ টি কে কোম্পানী আৰু চৰকাৰ বিৰোধী শ্লোগানেৰে ঠিকাদাৰ-শ্ৰমিক সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে জাতি মাতি ভেটিৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোটঁ চৰকাৰে প্ৰতিটো ক্ষেত্ৰতে থলুৱা সকলক প্ৰতাৰণা কৰি বহিৰাগত কোম্পানীক ৰঙা দলিছা পাৰি দিয়াক লৈ প্ৰতিবাদকাৰী সকলে ক্ষোভ প্ৰকাশ কৰে ।নগাঁৱৰ উৰিয়াগাঁও আৰু কলিয়াবৰ সংযোগী ৪ লেন যুক্ত পথ চোৱাৰ কামত কৰ্মৰত আছিল স্থানীয় বহুকেইজন লোক।

টি কে কোম্পানীৰ ৰ অধীনত কাম কৰা বহু কেইজন লোকে ৬ মাহ ধৰি পাব লগীয়া প্ৰাপ্য ধনৰ পৰা বঞ্চিত হৈ আহিছে বুলি জানিবলৈ দিয়ে। লগতে জনাই যে দুৰ্নীতি মুক্ত বুলি কোৱা এইখন চৰকাৰে টি কে  কোম্পানীৰ পৰা ৩০ লাখ টকা চান্দা লোৱাৰ কথা উল্লেখ কৰি বৰ্তমানৰ চৰকাৰখন কমিছন খোৱা চৰকাৰ বুলি মত প্ৰকাশ কৰে ভুক্তভোগী কৰ্মচাৰী সকলে।

তেওঁলোকৰ এই প্ৰাপ্য ধন সন্দৰ্ভত ৰাজ্যৰ মন্ত্ৰীকো আবেদন জনাই যদিও পাবলগীয়া প্ৰায় ২কোটি ধনৰ ২০ শতাংশ‌ও নোপোৱাত ক্ষুব্ধ হৈ অৱহেলিত কৰ্মচাৰী সকলে প্ৰতিবাদী কাৰ্যসূচী হাতত লয়।আনহাতে অহা তিনিদিনৰ ভিতৰত যদি তেওঁলোকৰ প্ৰাপ্য তেওঁলোকক নিদিয়ে তেন্তে পুৰ্বতে মৃত্যুক আকোঁৱালি লোৱা কৰ্মচাৰী সকলৰ দৰে আত্মহত্যা কৰিব বুলি ভাবুকি দিয়ে। পাছত ঘটনাস্থলীত ইটাচালি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।