অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত টীয়কত প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ

asomiyapratidin

ডিজিটেল সংবাদ, টীয়কঃ শুকুৰবাৰে বৰাকৰ ৰাজহুৱা সভাত প্ৰধান মন্ত্ৰী মোদীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ অতিশীঘ্ৰে গৃহীত হ'ব বুলি দাম্ভিক ঘোষণা কৰাৰ পাছতে সমগ্ৰ অসমত তীব্ৰ প্ৰতিবাদ হোৱাৰ সময়তে টীয়কত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতিয়ে প্ৰধানমন্ত্ৰী মোদীৰ পুত্তলিকাৰ লগতে প্ৰতিকি নাগৰিকত্ব বিলখন দাহ কৰি প্ৰতিবাদ জনায় ৷

প্ৰায় অৰ্ধ শতাধিক প্ৰতিবাদকাৰীয়ে আধা ঘণ্টাৰো অধিক সময় ৰাষ্ট্ৰীয় ঘাইপথত উত্তাল প্ৰতিবাদ সাব্যষ্ট কৰাত বহুতো যান-বাহন আবদ্ধ হৈ পৰে ৷ উক্ত প্ৰতিবাদস্থলীৰ পৰা সংগঠনটোৰ আঞ্চলিক সমিতিৰ সভাপতি হিমাংশু বৰুৱা আৰু সাধাৰণ সম্পাদক প্ৰশান্ত দত্তই কয় যে অতিশীঘ্ৰে জাতি ধ্বংসী এই বিল বাতিল কৰাত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক অন্যথা যিকোনো পৰিস্থিতিৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ জগৰীয়া হ'ব৷