অসম

টীয়কৰ জগদুৱাৰত দিনযোৰা কাৰ্য্যসূচীৰে শিল্পী দিৱস উদযাপন

asomiyapratidin

ডিজিটেল সংবাদ, জগদুৱাৰঃ টীয়কৰ জগদুৱাৰ গায়ন গাওঁস্থিত আঞ্চলিক বিষ্ণুজ্যোতি কলামণ্ডলৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে দিনযোৰা কাৰ্য্যসূচীয়ে শিল্পী দিৱস উদযাপন কৰা হয় ৷ পুৱা পতাকা উত্তোলন কৰে আঞ্চলিক বিষ্ণুজ্যোতি কলামণ্ডলৰ সভাপতি সুনীন্দ্ৰ শইকীয়াই , স্মৃতি তৰ্পণ কৰে সৰ্বেশ্বৰ শইকীয়াই লগতে জ্যোতি প্ৰসাদৰ ফটোত মাল্যাৰ্পণ কৰে মুক্তিযোদ্ধা ললিত বৰদলৈ , কলামণ্ডলৰ সম্পাদক ৰাজীৱ বৰা,উপ-সভাপতি নবীন বৰুৱা, মণিৰাম মিলি, সহকাৰী সম্পাদক দুলাল শইকীয়া সহ কলামণ্ডলৰ অন্তগৰ্ত ৭ খন গাঁৱৰ গুণমুগ্ধৰ লগতে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আৰু কলামণ্ডলৰ সহকাৰী সম্পাদক প্ৰীতম জ্যোতি শইকীয়াই ৷ উক্ত অনুষ্ঠানতে ৭ খন গাঁৱৰ প্ৰচাৰ বিমুখ শিল্পী সকলক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ দিনযোৰা কাৰ্যসূচীৰ অন্তত সন্ধ্যা বন্তি প্ৰজ্বলনৰ পাছতেই বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান "জোনাকী বাটৰ অভিযাত্ৰী"ৰ উদ্বোধন কৰে সংগীত শিল্পী লগতে জ্যোতি বিদ্যাপীঠ, টীয়কৰ শিক্ষক অশোক বৰাই ৷