অসম

তিতাবৰত ঋণ পৰিশোধ কৰিব নোৱাৰি মহিলাৰ আত্মহত্যা…

asomiyapratidin

ডিজিটেল সংবাদ, বেকাজানঃ ৰাজ্য ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানবোৰ এতিয়া গ্ৰামাঞ্চলৰ দৰিদ্ৰ ৰাইজৰ বাবে যেন এক প্ৰকাৰ যমদূতত পৰিণত হৈছে। সহজ চৰ্তত গাঁৱৰ সহজ-সৰল মহিলাক ঋণ প্ৰদান কৰি পৰিশোধ নামত হাৰাশাস্তি কৰাৰ বাবে সম্প্ৰতি অৱশেষত চৰম মৃত্যুক আঁকোৱালি ল'লে তিতাবৰৰ দুৰ্ভগীয়া দৰিদ্ৰ দম্পত্তিয়ে।

শুকুৰবাৰে এই ঘটনা সংঘটিত হৈছে তিতাবৰ অসম-নগালেণ্ড সীমান্তৰ বান্দৰচলিয়া আৰক্ষী চকীৰ অন্তৰ্গত কপৌহুৱা গাঁৱত। উল্লেখযোগ্য যে দিনৰ ভাগত কপৌহুৱা গাঁৱৰ দম্পত্তি পোণা শইকীয়া(৬৫) আৰু পত্নী পেছাত এগৰাকী আশা কৰ্মী গুণদা শইকীয়া(৫০)ই একেলগে ঘৰৰ দৰ্জা বন্ধ কৰি এটি প্লাষ্টিকৰ বটলত থকা ৰাসায়নিক সাৰজাতীয় দ্ৰব্য সেৱন কৰি আত্মহত্যা কৰে।

কিন্তু দুপৰীয়াৰ ভাগত দুগৰাকী সতীৰ্থ আশা কৰ্মীয়ে আশা গুণদা শইকীয়াক লগ কৰিবলৈ আহোতে ঘৰৰ দৰ্জা বন্ধ থকা দেখা পাই ভিতৰলৈ লক্ষ্য কৰাত পতি-পত্নী পৰি থকা দেখা পোৱাৰ পিছত এই সমগ্ৰ ঘটনাটো পোহৰলৈ আহে।

উল্লেখযোগ্য যে, দুৰ্ভগীয়া দৰিদ্ৰ দম্পত্তিৰ দুয়োজন পুত্ৰ কৰ্মসূত্ৰে মুম্বাই আৰু গুৱাহাটীত থাকে। ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰিয়েই দম্পত্তিয়ে এনে কৰুণ ঘটনা সংঘটিত কৰে। সম্প্ৰতি বান্দৰ চলিয়া আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে।

দুবছৰ পৰা তিতাবৰ বৰহোলাত বন্ধন উজ্জীৱন দৰে বিত্তীয় প্ৰতিষ্ঠানে গ্ৰামাঞ্চলৰ দুখীয়া ৰাইজক ঋণ পৰিশোধ নামত মাহাজনী কায়দাৰে একাংশ লোকৰ ঘৰৰ টিং পাত আচবাব আদি কাঢ়ি লৈ যোৱা অভিযোগ উঠিছে।সম্প্ৰতি তিতাবৰ ৰাইজে এনে অবৈধ সুদখোৰ বিত্তীয় প্ৰতিষ্ঠানক নাকী লগাবলৈ জিলা প্ৰশাসনক দাবী জনাইছে।