অসম

নিজ নিজ বিদ্যালয়ৰ শিক্ষাৰ্থীক ঘৰৰপৰা শিক্ষাদান টীয়কৰ দুই শিক্ষকৰ…

asomiyapratidin

ডিজিটেল সংবাদ, টীয়কঃ লকডাউনৰ সময়চোৱাত সকলো শিক্ষা প্ৰতিষ্ঠান বন্ধ কৰি দিয়াৰ পৰিপেক্ষিতত শিক্ষা গ্ৰহনত অন্তৰায়ৰ সৃষ্টি হৈছে ছাত্ৰ-ছাত্ৰী সকলৰ ‌। এনে পৰিপেক্ষিতত টীয়কৰ দুই কীতিমান শিক্ষকে নিজ নিজ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে অডিঅ'-ভিডিঅ'ৰ মাধ্যমৰে শিক্ষাদান কৰি আহিছে ।

যোৰহাটৰ মালৌআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৰ্থনীতি বিষয়ৰ বিষয় শিক্ষকটীয়ক জগদুৱাৰ নপমুৱা গাঁৱৰ ৰন্টু বৰুৱাই নিজ বিদ্যালয়ৰ নৱম,দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সমাজ বিজ্ঞান আৰু একাদশ শ্ৰেনীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অৰ্থনীতি বিষয় আৰু টীয়ক জাতীয় বিদ্যালয়ৰ উপাধ্যক্ষ তথা টীয়ক গুৱাল গাঁৱৰ নিবাসী মনোজ বৰাৰ লগতে অন্যান্য শিক্ষক সকলে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক বিভিন্ন বিষয়ত অনুৰূপ ধৰনে পাঠ দান কৰি আহিছে।

শিক্ষক কেইজনৰ এনে প্ৰয়াসে ছাত্ৰ-ছাত্ৰী সকলক পাঠ গ্ৰহনত সহায়ক হোৱাৰ লগতে এক ব্যতিক্ৰমী ব্যৱস্থাৰ প্ৰতি আকৰ্ষিত হোৱা পৰিলক্ষিত হৈছে। অভিভাৱক সকলৰ লগতে সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰিছে শিক্ষক সকলে ছাত্ৰ-ছাত্ৰীৰ বাবে গ্ৰহন কৰা এই পদক্ষেপক ।