অসম

টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ…

asomiyapratidin

ডিজিটেল সংবাদ, টীয়ক: অসমৰ অন্যান্য ঠাইৰ লগতে যোৰহাট জিলাৰ টীয়কতো এতিয়া সহজলভ্য হৈ পৰিছে নিষিদ্ধ ড্ৰাগছ। ইমানেই উঠি অহা যুৱ প্ৰজন্ম ড্ৰাগছৰ প্ৰতি আসক্তি বাঢ়ি গ'ল যে ২ আগষ্ট তাৰিখে অত্যাধিক ড্ৰাগছ সেৱন কৰাৰ ফলত মৃত্যুক সাৱটি লবলগীয়া হ'ল টীয়ক বামুণপুখুৰীৰ উৎপল বৰুৱা নামৰ এজন যুৱক।

টীয়কত গঢ় লৈ উঠা নিষিদ্ধ ড্ৰাগছৰ ঘাটি আৰু এই অবৈধ ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰাৰ দাবীৰে শুকুৰবাৰে টীয়ক আৰক্ষী থানাৰ সন্মুখত টীয়ক আঞ্চলিক ছাত্ৰ সন্থা শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ,চুতীয়া ছাত্ৰ সন্থা, অসম প্ৰেমী যুৱ ছাত্ৰ সমাজ, লাচিত সেনা, আটছা, টীয়ক শাখা কবি সন্মিলন, আপকো যোৰহাট জিলা সমিতি,প্ৰাথমিক শিক্ষক সন্মিলনী,টীয়ক প্ৰেছ ক্লাব, টীয়ক বাণিজ্য সন্থাকে ধৰি টীয়কৰ সমাজ সচেতন ব্যক্তিসকলে টীয়ক আৰক্ষী থানাৰ সন্মুখত সামাজিক দূৰত্ব তথা অন্যান্য স্বাস্থ্য সম্পৰ্কীয় ব্যৱস্থাৰ মাজেৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

প্ৰতিবাদকাৰী সকলে টীয়ক আৰক্ষী মূর্দাবাদ, ড্ৰাগছৰ বেহা বন্ধ কৰক, অবৈধ মদ-ভাংৰ আড্ডা উচ্ছেদ কৰক আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে। আনহাতে, টীয়কৰ আৰক্ষী থানাৰ বহু বিতৰ্কিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনক শাস্তিমূলক বদলিৰ নিৰ্দেশ দিছে। পাছত যোৰহাট জিলাৰ আৰক্ষী অধীক্ষকৰ সৈতে হোৱা এক আলোচনাৰ অন্তত প্ৰতিবাদ সাময়িকভাৱে অন্ত পেলাই।

কাৰ্যসূচীত টীয়ক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক ৰমেন শৰ্মা, শিক্ষাবিদ অশোক বৰা, সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগে কয়- মুখ্যমন্ত্ৰীৰ হাতত গৃহ বিভাগৰ দায়িত্বত থকাৰ পাছত আৰক্ষীৰ খাকী পোচাকত চেকা লগোৱা আৰক্ষীক দৃষ্টান্ত মূলক শাস্তি দিয়াৰ দাবী মুকলি আহ্বান জনালোঁ মুখ্যমন্ত্ৰীলৈ ৷

টীয়কত ড্ৰাগছ অধিবক্তা বিশ্বজিৎ নাথ, যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতিৰ সভাপতি হিমাংশু বৰুৱা, সম্পাদক প্ৰশান্ত দত্ত, লাচিত সেনাৰ সেনাধক্ষ্য অমৰ বৰুৱা, আটছা যোৰহাট জিলা সমিতিৰ সভাপতি গকুল মাঝি, আপকো যোৰহাট জিলাৰ সভাপতি সত্যৰঞ্জন শইকীয়া, টীয়ক প্ৰেছ ক্লাবৰ সভাপতি দুলাল হাজৰিকা,যোৰহাট জিলা হাইস্কুল শিক্ষক সন্থাৰ সম্পাদক ৰাতুল গগৈ, যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক যদুমণি বৰুৱা, টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞা,অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ উপদেষ্টা মনোজ গগৈ, সচিব অৰিন্দম শদিয়াখোৱা, টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি পাৰ্থ প্ৰতিম চুতীয়া, কাৰ্যকৰী সভাপতি উজ্জ্বল সাধনিদাৰ,টীয়ক জাতীয় বিদ্যালয়ৰ সচিব সৌৰভ বৰা, চেলেংহাট হেলথ ক্লাবৰ তুষাৰ পাল, টীয়ক আছুৰ সাধাৰণ সম্পাদক প্ৰীতমজ্যোতি শইকীয়া, শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দেৱব্ৰত শইকীয়া, সম্পাদক পবিত্ৰ বৰা,টীয়ক বাণিজ্য সন্থাৰ সম্পাদক অঞ্জন প্ৰকাশ বৰুৱাকে ধৰি বহু লোক উপস্থিত থাকে।