তিনিচুকীয়া

তিনিচুকীয়াত পিতৃৰ হাতত প্ৰাণ গ'ল দেৱশিশুৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত ফিল'বাৰী হোলোং গুৰি গাঁৱত বৃহস্পতিবাৰে পুৱাৰ ভাগতেই সংঘটিত হয় নৃশংস হত্যাকাণ্ড। পিতৃ চম্ভু প্ৰজায়ে চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিলে ৪ বছৰীয়া দেৱশিশু পুত্ৰ মঞ্জিত প্ৰজাক। লগতে চোকা অস্ত্ৰৰ ঘাপত পত্নী চালমি প্ৰজাও আঘাতপ্ৰাপ্ত হয় ।

পুৱাৰ ভাগতেই পেঙেৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপস্থিত হৈ আঘাতপ্ৰাপ্ত চালমি প্ৰজাক উদ্ধাৰ কৰি ডিগবৈ অসামৰিক চিকিৎসালৈ প্ৰেৰণ। আঘাত গুৰুত্বৰ হোৱাৰ বাবে চালমি প্ৰজাক উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হত্যাকাৰী চম্ভু প্ৰজাক গ্ৰেপ্তাৰ কৰিছে পেঙেৰী আৰক্ষীয়ে। কি কাৰণে এইদৰে পুত্ৰ হত্যাৰ লগতে পত্নীক আক্ৰমণ কৰিলে সেইয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ।