ডিকমত চাঞ্চল্যকৰ ঘটনাঃ এটা মোবাইলক কেন্দ্ৰ কৰি স্বামীৰ বিৰুদ্ধে পত্নীক হত্যাৰ অভিযোগ...
ডিকমত চাঞ্চল্যকৰ ঘটনাঃ এটা মোবাইলক কেন্দ্ৰ কৰি স্বামীৰ বিৰুদ্ধে পত্নীক হত্যাৰ অভিযোগ... 
তিনিচুকীয়া

ডিকমত চাঞ্চল্যকৰ ঘটনাঃ এটা মোবাইলক কেন্দ্ৰ কৰি স্বামীৰ বিৰুদ্ধে পত্নীক হত্যাৰ অভিযোগ...

Asomiya Pratidin

ডিজিটেল সংবাদ চাবুৱাঃ চাবুৱাৰ ডিকমত চাঞ্চল্যৰ ঘটনা। মোবাইলক কেন্দ্ৰ কৰি সৃষ্টি হয় পতি-পত্নীৰ মাজত তয়াময়া কাজিয়া। যাৰ পৰিণতিত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড !

চাবুৱাৰ ডিকম চাহ বাগিচাৰ ৰৱৰ লাইনৰ নিবাসী ৰামু মুড়া পুত্ৰ বিপুল মুড়াই নিজ পত্নীক এটা ম'বাইলৰ বাবে মাৰধৰ কৰা অভিযোগ উঠিছে। আজি পুৱাই পত্নী জয়ন্তী কৰ্মকাৰ মুড়াক ঘৰৰ সমীপত থকা কৱৰস্থান গৃহত চীপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে।

জয়ন্তী কৰ্মকাৰৰ পৰিয়ালৰ লোকে দাবী কৰিছে যে স্বামী বিপুল মূৰাই পৰিকল্পিত ভাৱে মহিলা গৰাকীক হত্যা কৰিছে । ঘটনাস্থলীত ডিকম আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

আনহাতে পৰিয়ালৰ এজাহাৰ ভিত্তিত ডিকম আৰক্ষীয়ে স্বামী বিপুল মুড়াক আটক কৰিছে।