তিনিচুকীয়া

উজনিত মৰাণ জনগোষ্ঠীয়ে হাতী গা-ধুৱা পৰম্পৰাৰে পালন কৰিলে ৰঙালী...

Asomiya Pratidin

ডিজিটেল সংবাদ, ফিল’বাৰী : ৰঙালীৰ ৰঙেৰে উপচি আছে ৰাজ্য। নিজা নীতি-পৰম্পৰা সামৰি ৰাজ্যবাসীয়ে পালন কৰিছে ৰঙালী। সময়ৰ সুঁতত হেৰুৱাৰ উপক্ৰমো হৈছে বহু পৰম্পৰা।

পিছে এতিয়াও স্বকীয় পৰম্পৰা সুঁৱৰি উজনিৰ ভূমিপুত্ৰ জনগোষ্ঠী মৰাণ সকলে উলহ-মালহেৰে পালন কৰিছে ৰঙালী বিহু। নিজা পৰম্পৰা অনুসৰি তেওঁলোকে বুধ বাৰেহে পালন কৰিলে গৰু বিহু। এই বিহুৰ পাছতে বৃহস্পতি বাৰৰে পৰা মৰাণসকলে পালন কৰিব মানুহ বিহু ৷

গৰুৰ গা-ধুৱাৰ সমান্তৰালভাৱে মৰাণসকলে বুধবাৰে হাতীকো গা-ধুৱাই ৰক্ষা কৰিছে তেওঁলোকৰ যাউতীযুগীয়া পৰম্পৰা ৷ ঠিক তেনে এক হাতীক গা-ধুৱা দৃশ্য তিনিচুকীয়া জিলাৰ পেঙেৰী সমীপৰ তৰাণী গাঁৱতো দেখিবলৈ পোৱা গ'ল ৷