কাকপথাৰত ড্ৰাগছ সৰবৰাহকাৰীক দিন দুপৰতে নৃসংশ হত্যা...
কাকপথাৰত ড্ৰাগছ সৰবৰাহকাৰীক দিন দুপৰতে নৃসংশ হত্যা... 
তিনিচুকীয়া

কাকপথাৰত ড্ৰাগছ সৰবৰাহকাৰীক দিন দুপৰতে নৃসংশ হত্যা...

Asomiya Pratidin

ডিজিটেল সংবাদ তিনিচুকীয়া: তিনিচুকীয়া জিলাৰ কাকপথাৰত আজি দিন-দুপৰতে লোকচক্ষুৰ সন্মুখত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড । দুই বাইক আৰোহীয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে ভাইকন সোণোৱাল (৪২) নামৰ এক ড্ৰাগছ সৰবৰাহকাৰীক চোকা অস্ত্ৰৰে হানি-খুচি পথৰ কাষত পেলাই থৈ যায় ।

ঘটনাটো সংঘটিত হয় কাকপথাৰ থানাৰ পৰা প্ৰায় ৩ কিলোমিটাৰ নিলগৰ আলফাৰ ডেজিগনেটেড শিৱিৰৰ সমীপত । আৰক্ষী সূত্ৰে জানিব পৰা মতে কাকপথাৰ সেনা চাউনিৰ সমীপৰ ড্ৰাগছ সৰবৰাহী হিচাপে পৰিচিত ভাইকন সোণোৱাল আৰু দুই বাইক আৰোহীৰ মাজত আলফাৰ ডেজিগনেটেড শিৱিৰৰ সমীত কিবা বিষয়ক লৈ তৰ্কৰ সুত্ৰপাত হয় ৷

অৱশেষত দুই বাইক আৰোহীৰ এজনে চোকা অস্ত্ৰ উলিয়াই ভাইকন সোণোৱালৰ পেট আৰু বুকুত আক্ৰমণ কৰে । ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ভাইকন সোণোৱাল নামৰ ড্ৰাগছ পেডলাৰটো ।

ভাইকনক আক্ৰমণ কৰি দুই বাইক আৰোহীয়ে তীব্ৰ বেগেৰে কুমচাং চাহ বাগিছাৰ মাজেৰে পলায়ন কৰে ৷ প্ৰাপ্ত খবৰৰ ভিত্তিত কাকপথাৰ থানাৰ উপ-পৰিদৰ্শক মনোজ ফুকনে এটা আৰক্ষী দল লৈ ঘটনাস্থলীত উপস্থিত হয় আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ভাইকন সোণোৱালক কাকপথাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে । দুৰ্ভাগ্যজনক ভাৱে চিকিৎসকে ভাইকন সোণোৱালক মৃত ঘোষণা কৰে ৷

সমান্তৰালকৈ আৰক্ষীয়ে দুই হত্যাকাৰীৰ সন্ধানত জোৰদাৰ অভিযান চলায়। আৰক্ষীৰ বিশেষ তৎপৰতাত দুই হত্যাকাৰীক ডুমডুমা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে ।

ধৃত হত্যাকাৰী দুটা ডুমডুমা আজাদ ৰোডৰ ৰাহুল বৰুৱা (২০) আৰু কলিয়াপানীৰ ৰাজীৱ কৰ্মকাৰ (২০) বুলি আৰক্ষীয়ে সদৰি কৰিছে । সম্প্ৰতি দুয়োকে ডুমডুমা থানাত ৰখা হৈছে আৰু হত্যাকাণ্ডৰ সন্দৰ্ভত মাৰাথান জেৰা চলোৱা হৈছে ।

হত্যাকাণ্ডৰ সন্দৰ্ভত আৰক্ষীয়ে মুখ খোলা নাই যদিও ড্ৰাগছ সম্পৰ্কীয় লেনদেনৰ বাবেই হত্যাকাণ্ডটো সংঘঠিত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।