তিনিচুকীয়া জিলা বিজেপিৰ কাৰ্যালয় শুভ উদ্বোধন ড০ হিমন্ত বিশ্ব শৰ্মাৰ...
তিনিচুকীয়া জিলা বিজেপিৰ কাৰ্যালয় শুভ উদ্বোধন ড০ হিমন্ত বিশ্ব শৰ্মাৰ... 
তিনিচুকীয়া

তিনিচুকীয়া জিলা বিজেপিৰ কাৰ্যালয় শুভ উদ্বোধন ড০ হিমন্ত বিশ্ব শৰ্মাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তিনিচুকীয়াত শুভ উদ্বোধন কৰিলে জিলা বিজেপিৰ ৰাজ্যিক কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱন। আনহাতে মঙ্গলবাৰে তেওঁ জিলাখনত শুভ উদ্বোধন কৰিছিল কনভেনচন চেণ্টাৰ।

উপায়ুক্ত সন্মিলনক কেন্দ্ৰ কৰি বিভিন্ন কাৰ্যসূচীৰে জিলাখনত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে আজি পুৱাই নাৰিকল ভাঙি আৰু ফিতা কাটি শুভ উদ্বোধন কৰে এই সুউচ্চ অট্টালিকাটো। তাৰ পাছতে তেওঁ এই কাৰ্যালয়টো পৰিদৰ্শন কৰে।

তেওঁ কয়, এই কাৰ্যালয়টোৱে দলটোৰ কাৰ্যকৰ্তাসকলৰ দীৰ্ঘদিনীয়া এক সমস্যা সমাধান কৰাৰ লগতে দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰিব। ইয়াৰোপৰি তেওঁ টুইটাৰত লিখিছে, 'আমাৰ দল টো এটা পৰিয়ালৰ দল নহয়, য'ত ড্ৰয়িং ৰুমত বহি সকলো সিদ্ধান্ত লোৱা হয়। আমি দলীয় কাৰ্যালয়ত সকলো আনুষ্ঠানিক দলীয় কাৰ্যসূচী কৰোঁ, কাৰো ঘৰত নহয়।'

উল্লেখ্য যে, তিনিচুকীয়া জিলা বিজেপিৰ এই কাৰ্যালয়টো সম্পূৰ্ণ হোৱাৰ লগে লগে অসমত বিজেপিৰ কাৰ্যালয় ২০ টালৈ বৃদ্ধি পালে।

আনহাতে দলটোৱে ৰাজ্যৰ প্ৰতিখন জিলাতে অটল বিহাৰী বাজপেয়ী ভৱন নিৰ্মাণৰ পৰিকল্পনা লোৱাৰ লগতে ৪০০ মণ্ডল সমিতিৰ কাৰ্যালয়ো নিৰ্মাণৰ পৰিকল্পনা হাতত লৈছে। ইয়াৰোপৰি দলটোৱে প্ৰতিখন জিলালৈ দলীয় কামকাজ কৰিবলৈ ইতিমধ্যে একোখনকৈ বলৰে’ বাহন যোগান ধৰিছে।

আজিৰ এই কাৰ্যসূচীত উপস্থিত থাকে দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, পঞ্চায়ত, গ্ৰামোন্নয়ন আৰু যোগান মন্ত্ৰী ৰঞ্জিত দাসকে ধৰি কেইবাজনো বিধায়ক আৰু দলটোৰ শীৰ্ষ পৰ্যায়ৰ কৰ্মকৰ্তা।