অসম

তিনিচুকীয়াৰ ধেলাখাটত ভাষাৰ ওজাৰ সোঁৱৰণত গছপুলি ৰোপন কাৰ্যসূচী…

asomiyapratidin

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ প্ৰকৃতিপ্ৰেমী সংগঠন পৰিৱেশ সুৰক্ষা সমিতি, অসমে সুদীৰ্ঘ দিন ধৰি ৰূপায়ন কৰি অহা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি বৰ্ষজোৰা গছপুলি ৰোপন, বিতৰণ আৰু প্ৰতিপালন কাৰ্যসূচীৰ অন্তৰ্গত আজি ধেলাখাট মধ্য ইংৰাজী বিদ্যালয়ৰ চৌহদত পৰিৱেশ সুৰক্ষা সমিতিৰ ভেৰজান-ধেলাখাট সমিতিৰ সহযোগত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে ।

আজিৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই এই কাৰ্যসূচী পৰৱৰ্তী পাঁচ বছৰলৈ অব্যাহত ৰাখিব বুলি কয় । শুভাৰম্ভণি কাৰ্যসূচীত ঋতুৰাজ বৰুৱাক সহযোগিতা আগবঢ়াই চুতীয়া জাতি যুৱ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ মুখ্য উপদেষ্টা ধ্ৰুৱজ্যোতি শইকীয়াই ।

অন্যহাতে তিনিচুকীয়া জিলাত অইল ইণ্ডিয়াই তেল খনন, উৎপাদন আৰু পৰিবহনৰ যোগেদি মুনাফা লুটি আছে যদিও জিলাখনৰ অন্যতম চহকী ভেৰজান বৰজান পদুমনি পক্ষী অভয়াৰণ্যখনিৰ সুৰক্ষা আৰু উন্নয়নৰ ক্ষেত্ৰত কোম্পানীটোৰ ফালৰ পৰা কোনো পদক্ষেপ গ্ৰহণ নকৰাটো অতি দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে ঋতুৰাজ বৰুৱাই । পক্ষী অভয়াৰণ্যখনিৰ সুৰক্ষা আৰু উন্নয়নৰ বাবে বিশেষ পুঁজি মুকলি কৰি দিবলৈও তেওঁ অইলক দাবী জনায়।

আজিৰ কাৰ্যসূচীত পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতি দিগন্ত ভট্ট, মুখ্য সাংস্কৃতিক সম্পাদক জিন্টু শইকীয়া, জিলা উপ-সভাপতি ৱাজিদ খান, ভেৰজান-ধেলাখাট সমিতিৰ সভাপতি দেৱজিৎ শইকীয়া, সম্পাদক ব্ৰজেন বৰুৱা, উপ-সভাপতি বিদ্যুৎ সেনাপতি আদি উপস্থিত থাকে ।

আনফালে আজিৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি সজাগতামূলক নামফলক লগোৱা আৰু চাফাই অভিযান কাৰ্যসূচী লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই প্ৰস্তাৱ আগবঢ়াই ধেলাখাট চুতীয়া জাতি যুৱ সন্মিলনৰ সভাপতি ৰমেন চুতীয়া আৰু সাধাৰণ সম্পাদক ঘনকান্ত চুতীয়াই ।