অসম

নগাঁৱৰ বকুলতলত বাজপেয়ীৰ তিলনি পালন বিজেপি কৰ্মীৰ

asomiyapratidin

ডিজিটেল সংবাদ, নগাঁওঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুৰ তিনিদিনৰ দিনা তিলনি পালন কৰিছে নগাঁও জিলাৰ চামগুৰিৰ বিজেপি কৰ্মীসকলে।

জিলাখনৰ বকুলতলত চামগুৰি বাজিয়া মণ্ডল বিজেপিয়ে জননেতাগৰাকীৰ মৃত্যুৰ তৃতীয় দিনৰ দিনা কলং নৈৰ পাৰত তিলনি পালন কৰে। দিনটো উপবাসে থাকি সামাজিক নীতি অনুসৰি শ্ৰাদ্ধ বিধি ৰাজহুৱাকৈ অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিছে মণ্ডল বিজেপিৰ সদস্যসকলে।

উল্লেখ্য যে যোৱা ১৬ আগষ্টৰ বিয়লি প্ৰায় ৫.০৫ বজাত শেষ নিশ্বাস ত্যাগ কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। ১৭ আগষ্টত বিয়লি ৪ বজাত স্মৃতি স্থলত সম্পন্ন কৰা হৈছিল প্ৰয়াত নেতাগৰাকীৰ শেষকৃত্য।