অসম

টায়কোৱাণ্ডোৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বীপৰ ছাব-জুনিয়মৰ শাখাত ২ অসম সন্তানৰ স্বৰ্ণ জয়

asomiyapratidin

ডিজিটেল ডেস্কঃ যোৱা ২৭ জানুৱাৰীৰ পৰা হায়দৰাবাদত অনুষ্ঠিত এন চান্দ্ ৩৫ নেশ্যনেল ছাব-জুনিয়ৰ কিঅ'ৰুগী এণ্ড ৯ম নেশ্যনেল পুমছে প্ৰতিযোগিতা । এই প্ৰতিযোগিতাৰ প্ৰেয়াৰ শাখাত স্তুতি কিংকিনি মজুমদাৰ আৰু ভাবাৰ্ণৱ পৰাগ চান্দিল্যই সোণৰ পদক লাভ কৰাৰ লগতে ব্যক্তিগত শাখাত ভাবাৰ্ণৱে ৰূপৰ আৰু ছোৱালীৰ দলীয় শাখাত ক্ৰমে স্তুতি কিংকিনি, নিষ্ঠা অনন্যা পাটগিৰি আৰু হিয়া লুনিয়াই ব্ৰঞ্জৰ পদক লাভ কৰিছে।

উল্লেখযোগ্য যে, নীলমজ্যোতি কলিতাৰ ওচৰত প্ৰশিক্ষণৰত স্তুতি কিংকিনি, নিষ্ঠা অনন্যা পাটগিৰি আৰু ভাবাৰ্ণৱ কেওটা কিশোৰেই অসমৰ সন্তান। ইয়াৰ স্তুতি কিংকিনি অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰী আৰু শ্বহীদ সাংবাদিক অনিল মজুমদাৰ তথা ৰাজগড় নিবাসী মল্লিকা কলিতা মজুমদাৰৰ কন্যা।