অসম

বিবেকানন্দ বিদ্যা নিকেতনৰ তিনিদিনীয়া কাৰ্যসূচীৰে ৰূপালী জয়ন্তী উদযাপন

asomiyapratidin

ডিজিটেল সংবাদ, টিহুঃ টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী উদযাপন সমাৰোহ তিনিদিনীয়া কাৰ্যসূচীৰে ১২ অক্টোবৰৰ পৰা ১৪ অক্টোবৰলৈ অনুষ্ঠিত হয়। ১৪ অক্টোবৰত অনুষ্ঠিত মুকলি সভাত কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

ৰূপালী জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি অনিমা কলিতা ডেকাৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা এই সভা উদ্বোধন কৰে 'অসমীয়া প্ৰতিদিন' কাকতৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই। মুকলি সভাত উদ্দেশ্যে বাখ্যা কৰে দীপালি ডেকাই। অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে বিবেকানন্দ বিদ্যা নিকেতনৰ প্ৰতিষ্ঠাপক প্ৰমোদ চন্দ্ৰ ডেকাই।

সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অৱনী কুমাৰ ভাগৱতীয়ে। এই অনুষ্ঠানত পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকাইও অংশ লয়। ৰূপালী জয়ন্তী উপলক্ষে প্ৰকাশ কৰা স্মৃতি গ্ৰন্থ উন্মোচন কৰে প্ৰসিদ্ধ চিন্তাবিদ তথা কথা সাহিত্যিক ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যই।