অসম

টিহুত শংকৰদেৱ একাডেমীৰ শুভ উদ্বোধন, চিকিৎসক-অভিযন্তা-প্ৰশাসনিক বিষয়া হ’ব পাৰি কিন্তু আচাৰ্য হোৱাটো কঠিনঃ ডাঃ নৰেন্দ্ৰ নাথ দত্ত

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ "চিকিৎসক, অভিযন্তা, প্ৰশাসনিক বিষয়া হ'ব পাৰি কিন্তু আচাৰ্য হোৱাটো বৰ কঠিন কাম।" ডাউন টাউন বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা প্ৰখ্যাত চিকিৎসক ডাঃ নৰেন্দ্ৰ নাথ দত্তই দেওবাৰে টিহুত এইদৰে কয়। টিহু নগৰত উচ্চতৰ মাধ্যমিক কলা শাখাৰ শিক্ষানুষ্ঠান "শংকৰদেৱ একাডেমী"ৰ শুভ উদ্বোধন কৰি ডাঃ দত্তই বিজ্ঞানৰ মাজেৰে বিভিন্ন দিশৰ সন্ধান পোৱা যায় বুলি মন্তব্য কৰে।

বিশিষ্ট চিকিৎসক গৰাকীয়ে নিজৰ গৃহস্থানত উপস্থিত হৈ টিহু অঞ্চলৰ শৈক্ষিক দিশৰ উত্তৰণ হোৱা দেখি সন্তোষ প্ৰকাশ কৰে। টিহু শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য প্ৰাণকৃষ্ণ পাঠকে আঁত ধৰা আৰু পৰিচালনা কৰা অনুষ্ঠানটোত শিক্ষানুষ্ঠানখনৰ নিয়মাৱলী উন্মোচন কৰি ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মুকুন্দ শৰ্মাই টিহুৰ শৈক্ষিক ক্ষেত্ৰত নতুন বীজ উন্মোচন হোৱা বুলি মত ব্যক্ত কৰে।

ভাষণ প্ৰসংগত তেওঁ কয় যে, সাম্প্ৰতিক সময়ত সমাজত দেখা দিয়া বৌদ্ধিক-নৈতিক-শৈক্ষিক সংকটে দেশত সমস্যাৰ সৃষ্টি কৰিছে। তেওঁ বৌদ্ধিক, নৈতিক আৰু শৈক্ষিক দিশৰ উন্নয়ন সাধন কৰি দেশৰ সমস্যা নিৰাময় কৰাত গুৰুত্ব আৰোপ কৰে।

অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কিশোৰ কুমাৰ তালুকদাৰে টিহুত ব্যক্তিগত খণ্ডৰ উচ্চ শিক্ষানুষ্ঠান প্ৰতিষ্ঠাই চৰকাৰী খণ্ডৰ উচ্চ শিক্ষানুষ্ঠানৰ অভাৱ পূৰণ কৰা বুলি মন্তব্য কৰে। অনুষ্ঠানত নুমলীগড় তেল শোধনাগাৰৰ অৱসৰপ্ৰাপ্ত উপ মহাপ্ৰৱন্ধক প্ৰসন্ন কুমাৰ দত্ত, শংকৰদেৱ একাডেমীৰ অধ্যক্ষ সুৰেন্দ্ৰ নাথ শৰ্মা আদিয়েও বক্তব্য আগবঢ়ায়।