অসম

টিহুত বিদ্যালয়ৰ সমীপতে বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ…

asomiyapratidin

ডিজিটেল সংবাদ, টিহুঃ নলবাৰী জিলাৰ টিহু থানাৰ অন্তৰ্গত নমাটি গাঁৱত শনিবাৰে পুৱা বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনা সন্দৰ্ভত জানিবলৈ পোৱা অনুসৰি নমাটি মজলীয়া বিদ্যালয়ৰ সমীপতে পথৰ দাঁতিত গাঁওখনৰ একাংশ লোকে আটোমটোকাৰিকৈ বন্ধা কেইবাটাও টোপোলা দেখা পোৱাৰ পাছত বিষয়টো লৈ অঞ্চলটোত কৌতূহলৰ সৃষ্টি হয় ।

গাঁওবাসীয়ে লগে লগে বিষয়টো টিহু থানাৰ আৰক্ষীক অৱগত কৰোৱাত আৰক্ষীয়ে লগে লগে ঘটনাস্থলীলৈ গৈ ১৮ টা টোপোলা উদ্ধাৰ কৰে । পৰীক্ষা কৰি টোপোলাবোৰত গাঞ্জা থকা বুলি নিশ্চিত হয় আৰু আৰক্ষীয়ে টিহু থানালৈ লৈ যায় ।

উদ্ধাৰ হোৱা গাঞ্জাৰ মুঠ ওজন হৈছে প্ৰায় ১৭৫ কিলোগ্ৰাম । বিদ্যালয়ৰ সমীপতে এনেদৰে কি পৰিস্থিতিত ইমান পৰিমাণৰ গাঞ্জা উদ্ধাৰ হ'ল, সেই বিষয়টো লৈ বাতৰি লিখা পৰলৈ সমগ্ৰ অঞ্চলজুৰিত চাঞ্চল্য অব্যাহত আছে ।