অসম

ফেচবুকত সাম্প্ৰদায়িক মন্তব্য, টিহুত গ্ৰেপ্তাৰ এজন

asomiyapratidin

ডিজিটেল সংবাদ, টিহুঃ কোৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে ৰাষ্ট্ৰজুৰি অব্যাহত থকা লকডাউনৰ জটিল সময়তে ফেচবুকত সাম্প্ৰদায়িক মন্তব্য কৰি টিহুৰ এগৰাকী লোক ৰঙাঘৰৰ আলহী হ'বলগীয়া হোৱা এক ঘটনাই টিহু মহকুমাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, টিহুৰ ভোজকুছি গাঁৱৰ পশ্চিম চুবুৰিৰ উমেশচন্দ্ৰ ঠাকুৰীয়া (৫৬) নামৰ সেনা বাহিনীৰপৰা স্বেচ্ছাই অৱসৰ লোৱা এগৰাকী লোকে তেওঁৰ ফেচবুক একাউন্ট মাধ্যমেৰে বিগত দীৰ্ঘদিন ধৰি কেতবোৰ সাম্প্ৰদায়িক মন্তব্য কৰি আহিছিল।

এনে অভিযোগৰ ভিত্তিতে টিহু থানাৰ আৰক্ষীয়ে মঙলবাৰে উমেশ চন্দ্ৰ ঠাকুৰীয়াক টিহু থানালৈ আনি এই সংক্ৰান্তত সোধাপোছা কৰাৰ অন্তত টিহু থানাত তথ্যপ্ৰযুক্তি অপৰাধ আইনৰ ৬৬ অনুচ্ছেদ অনুসৰি ভাৰতীয় দণডবিধি আইনৰ ১৫৩ ( এ ) আৰু ২৯৫ ( এ ) ধাৰাত ৫৮/২০ নম্বৰত এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে। ইপিনে, টিহুত লক্‌ডাউন ভংগ কৰা একাংশ লোকৰ ওপৰত আজিও টিহু থানাৰ আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰা দেখা গৈছে।