অসম

শিক্ষাবিদ- সাহিত্য সংগঠক বশিষ্ঠ গোস্বামী স্মৃতি অনুষ্ঠানৰ আয়োজন..

asomiyapratidin

ডিজিটেল সংবাদ, টিহু : নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু নলবাৰী সাহিত্য সমাজৰ সহযোগত ২৫ জুনত নন্দনতাত্ত্বিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ত্ৰৈলোক্যনাথ গোস্বামীৰ সুপুত্ৰ, বিশিষ্ট শিক্ষাব্ৰতী, সাহিত্য সংগঠক বশিষ্ঠ গোস্বামীলৈ একাঁজলি শ্ৰদ্ধা অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।

নলবাৰী সাহিত্য সমাজৰ সভাঘৰত আবেলি ৩.৪৫ বজাত আয়োজিত কাৰ্যসূচী সম্দৰ্ভত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা আৰু নলবাৰী সাহিত্য সমাজৰ সম্পাদক নৱ কুমাৰ তালুকদাৰে জনোৱা অনুসৰি বশিষ্ঠ গোস্বামীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব বিশিষ্ট শিক্ষাব্ৰতী প্ৰমোদ চন্দ্ৰ ডেকাই ।

প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিব বশিষ্ঠ গোস্বামীৰ জ্যেষ্ঠা দুহিতা পূৰৱী গোস্বামীয়ে । ইয়াৰ পাছতে হ'বলগীয়া বশিষ্ঠ গোস্বামী স্মাৰক সভাত সভাপতিত্ব কৰিব নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই । স্মাৰক সভাত 'বশিষ্ঠ গোস্বামীৰ জীৱন–চৰ্যাত সামাজিকতা' বিষয়ত আলোকপাত কৰিব নলবাৰীৰ শংকৰদেৱ একাডেমিৰ সমন্বয়ক ডঃ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই ।

'সাংগঠনিক দৃষ্টিকোণেৰে বশিষ্ঠ গোস্বামী' বিষয়ত আলোকপাত কৰিব নলবাৰী সাহিত্য সমাজৰ উপ সভাপতি তথা জনপ্ৰিয় কবি বিনয় কুমাৰ মজুমদাৰে । আকৌ 'মানুহ কৰ্মেৰে অ–মৃত হৈ ৰয়' বিষয়ত আলোকপাত কৰিব কামৰূপ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ডঃ কবিতা চৌধুৰীয়ে ।