অসম

টিহু বৈদ্যুতিক উপ-সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত অসহযোগ আন্দোলন… VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, টিহুঃ নলবাৰী জিলাৰ টিহু বৈদ্যুতিক উপ-সংমণ্ডল বিষয়াৰ কাৰ্য্যালয়ত সোমবাৰে অস্থায়ী কৰ্মচাৰীসকলে চাকৰি নিয়মীয়াকৰণৰ দাবীৰে অসহযোগ আন্দোলন কৰে। বিল ক্লাৰ্ক, মিটাৰ ৰিডাৰ, বিল বিতৰক আৰু সহায়ক অস্থায়ী কৰ্মচাৰীসকলে ৭ ডিচেম্বৰলৈ কৰিবলৈ লোৱা এই অসহযোগ আন্দোলনৰ ফলত উপ-সংমণ্ডল বিষয়াৰ কাৰ্যালয়টোৰ কাম-কাজ সম্পূৰ্ণৰূপে অচল হয় ।

এই কৰ্মচাৰীসকলৰ চাকৰি শীঘ্ৰে নিয়মীয়া নহ'লে জংগী আন্দোলন কৰাৰো হুংকাৰ দিছে কৰ্মচাৰীসকলে। টিহু বৈদ্যুতিক উপ-সংমণ্ডল অস্থায়ী কৰ্মচাৰী সন্থাৰ সভাপতি বীৰেণ শৰ্মা আৰু সম্পাদক শংকৰ কলিতাই জনোৱা অনুসৰি টিহুৰ কাৰ্যালয়টোত পাঁচ বছৰৰো অধিক কাল ৫০ গৰাকীৰো অধিক কৰ্মচাৰীয়ে অস্থায়ীভাৱে কাম কৰি আছে যদিও আজিলৈকে চাকৰি নিয়মীয়াকৰণ নহ'ল।