অসম

টিহুৰ কাৰেমূৰাত পথ দুৰ্ঘটনা, নিহত দুজন…

asomiyapratidin

ডিজিটেল সংবাদ, টিহুঃ টিহুৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নাথকুছিৰ সমীপৰ কাৰেমূৰাত ৩ জানুৱাৰীৰ আবেলি এক ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হয়। এখন টাটা ডি আই ভানে মটৰ চাইকেলত অহা তিনি আৰোহীক মহতিয়াই নিয়াত দুজন মটৰ চাইকেল আৰোহী থিতাতে নিহত আৰু এজনক সংকটজনক অৱস্হাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

জানিব পৰা অনুসৰি, হাস্পতাললৈ এ এছ ১৫ এম ৮৭৯৬ আৰু এ এছ ০১ এন এল ২৭৬৩ নম্বৰৰ মটৰ চাইকেল দুখনেৰে মেডিচিন ৰিপ্ৰেজেনটেটিভ ক্ৰমে পাঠশালাৰ গজেন ৰাজবংশী (পিতা-বিজয় ৰাজবংশী) বালিকৰীয়াৰ অবিনাশ বৰ্মন (পিতা- পৰমেশ্বৰ বৰ্মন) হাজো ৰোডৰ অনুপ দাসে (পিতা-অৰূণ দাস) বৰমা দিশৰ পৰা নাথকুছি অভিমুখে ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ আছিল।

তেওঁলোকে কাৰেমূৰা চ'ক পোৱা সময়তে একে দিশৰ পৰা তীব্ৰ গতিৰে অহা বৰদৈছিলা থিয়েটাৰৰ এ এছ ০১ চি ৩২৯০ টাটা ডি আই গাড়ীখনে দুয়োখন মটৰ চাইকেল সহ তিনিও জনকে মহতিয়াই নিয়ে। অৱশ্যে কিছু দূৰ গৈয়ে টাটা ডি আইৰ ট্ৰাকৰ চালকজনে এজন শ্ৰমিকসহ গাড়ীখন পথৰ ওপৰতে ৰাখি পলায়ন কৰে।

ইফালে দুৰ্ঘটনাগ্ৰস্ত যুৱক তিনিজনক ততাতৈয়াকৈ নলবাৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও প্ৰত্যক্ষদৰ্শীৰ মতে ইতিমধ্যে দুজনৰ মৃত্যু হৈছে আৰু আনজনক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে গাড়ীকেইখন আৰু বৰদৈচিলা থিয়েটাৰৰ কৰ্মচাৰী চম্পক দাসক আটক কৰিছে।