অসম

ঢেকিয়ালত নাহৰফুটুকী পিঞ্জৰাৱদ্ধ

asomiyapratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ ঢেকীয়ালৰ বৰগুৰিত দেওবাৰে বন বিভাগৰ পিঞ্জৰাত এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ হয়।ঢেকীয়াল আৰক্ষী চকীৰ সমীপতে পিঞ্জৰাবদ্ধ হৈছে এই বাঘটো।

দীৰ্ঘ দিন ধৰি বৃহত্তৰ ঢেকীয়াল অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বাঘটোৱে। বহু পৰিয়ালৰ গৰু-ছাগলী, গাহৰি আদি ভক্ষণ কৰি আহিছিল বাঘটোৱে।

বাঘটো পিঞ্জৰাবদ্ধ হোৱাত গাওঁবাসীয়ে কিছু স্বস্তিৰ নিশ্বাস পেলাইছে যদিও বৃহত্তৰ চাৰিঙ্গীয়া অঞ্চলত আৰু বাঘ থকাৰ সন্দেহ কৰি উক্ত এলেকাত পুনৰ পিঞ্জৰা স্থাপন কৰিবলৈ বন বিভাগক আহ্বান জনাইছে।