অসম

সৰুপথাৰত তিনিশ অগপ-কংগ্ৰেছ নেতা কৰ্মী বিজেপিত যোগদান…

asomiyapratidin

ডিজিটেল সংবাদ, সৰুপথাৰঃ কংগ্ৰেছ আৰু অগপৰ তিনি শতাধিক নেতা কৰ্মীয়ে দেওবাৰে সৰুপথাৰত আনুষ্ঠানিক ভাৱে নিজ নিজ দলত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে | সৰুপথাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰপথাৰ,সৰুপথাৰ,নাওজান,চুঙাজানত ধাৰাবাহিক ভাৱে শ শ কৰ্মীয়ে বিজেপি দলত যোগদান কৰাৰ পাচত দেওবাৰে সৰুপথাৰ ৰাজহুৱা ভৱনত অনুষ্ঠিত হোৱা এক সভাত তিনি শতাধিক নেতা কৰ্মীয়ে বিজেপি দলত যোগদান কৰে।

বিজেপি সৰুপথাৰ মণ্ডল অবিচি মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে মণ্ডল সমিতিৰ উপ সভানেত্ৰী নিৰদা বৰায়ে আৰু সভাখন আঁত ধৰে সঞ্জীৱ গগৈয়ে | সদস্য ভৰ্তি অভিযানৰ আজি অন্তিম দিনা ব্যাপক হাৰত শাসনাধিষ্ঠ দলটোৰ প্ৰতি আকৰ্ষিত হোৱা দেখিবলৈ পোৱা যায় | এই সভা খনত বিজেপিৰ ৰাজ্যিক সমিতিৰ সদস্য তথা সদস্য ভৰ্তি অভিযানৰ তত্বাৱধায়ক অমিয় কুমাৰ বৰা,গোলাঘাট জিলা অবিচি মৰ্চাৰ,সভাপতি ললিত শইকীয়া, উপ সভাপতি জীৱন চুতীয়া,বিজেপি জিলা সমিতিৰ সম্পাদক ৰাজীৱ শইকীয়া,সৰুপথাৰ পৌৰসভাৰ পৌৰপতি বিপ্লৱ শৰ্মাসহ বহু কেইগৰাকী নেতা উপস্হিত আছিল।

অন্যহাতে,যোৱা ১৬ আগষ্টত বৰপথাৰ ৰাজহুৱা ৰংগমঞ্চত এক যোগদান কৰ্যসূচীও অনুষ্ঠিত হৈ যায় | বিজেপি যুৱ মৰ্চাৰ সৰুপথাৰ মণ্ডল সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা সদস্য ভৰ্তি সভাখনত কেইবা গৰাকী কংগ্ৰেছ নেতায়ে বিজেপি দলত যোগদান কৰিছিল | সৰুপথাৰ সমষ্টিত এনেদৰে দৈনিক কংগ্ৰেছ আৰু অগপ দলে নিজ নিজ দল এৰি বিজেপি দলত যোগদান কৰাত কংগ্ৰেছ আৰু অগপ দলৰ বাবে যথেষ্ট ক্ষতি হোৱা বুলি অনুমান কৰিব পাৰি।