অসম

বেংক বিষয়া জুনু শৰ্মা হত্যাকাণ্ডৰ সন্দেহত ৩জনক আটক

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ বেংক বিষয়া জুনু শৰ্মা হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত ৩জন লোকক আটক কৰিছে আৰক্ষীয়ে। শনিবাৰে নিশাৰ ভাগত অভিযান চলাই আৰক্ষীয়ে লোক কেইজনক আটক কৰে।

পৃথক পৃথক স্থানৰ পৰা অভিযান চলাই লোক ৩জনক আটক কৰে আৰক্ষীয়ে। আটকাধীন ৩জনৰ দুজন হৈছে পুতুল আলী আৰু ছাদ্দাম হুছেইন। দুয়োজনেই অবৈধ ঋণ প্ৰদানৰ সৈতে জড়িত আছিল বুলি জানিব পৰা গৈছে। আন এজনৰ বিষয়ে বাতৰি যুগুত কৰালৈকে সবিশেষ জানিব পৰা হোৱা নাই।

উল্লেখ্য যে, যোৱা মঙলবাৰে সন্ধিয়াৰ ভাগত কামৰূপৰ আজ্ঞাঠুৰীত দুৰ্বৃত্তৰ গুলীত নিহত হৈছিল ভাৰতীয় ষ্টেট বেংকৰ দদৰা শাখাৰ বিষয়া জুনু শৰ্মাৰ। কৰ্মস্থলীৰ পৰা গুৱাহাটীৰ নিজৰাপাৰৰ নিজা ঘৰলৈ আহি থকাৰ সময়তে দুৰ্বৃত্তই শৰ্মাৰ ওপৰত সংঘটিত কৰিছিল আক্ৰমণ।

প্ৰাৰম্ভিক তদন্তত উক্ত ঘটনাৰ আঁৰত বেংকৰ ঋণ কেলেংকাৰীৰ সৈতে জড়িত লোক থাকিব পাৰে বুলি সন্দেহ কৰিছিল আৰক্ষীয়ে। ইয়াৰ ভিত্তিতে শনিবাৰে নিশা আৰক্ষীয়ে লোক ৩জনক আটক কৰি অধিক তথ্যৰ বাবে সোধ-পোচ অব্যাহত ৰাখিছে।