অসম

সান্ধ্য আইনৰ সুবিধা লৈ বটদ্ৰৱাত চুৰৰ উপদ্রৱ,ডেৰ লক্ষাধিক টকা মূল্যৰ তিনিটা গৰু চুৰি…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত শলগুৰি সত্ৰ, নৰোৱা সত্ৰ, বৰভেটি, ভেটিয়নী, ভোমোৰাগুৰি আদি গাঁৱত গৰু চুৰৰ দৌৰাত্ম্যই কৃষিজীৱী লোকৰ প্ৰতি চৰম ভাবুকি সৃষ্টি কৰিছে।

বিগত বৰ্ষ সমূহত অঞ্চলটোৰ হেজাৰ হেজাৰ গৰু চুৰি হোৱাৰ ফলত বহু কৃষক সৰ্বস্বান্ত হৈ পৰিছে।শনিবাৰে নিশাও বটদ্ৰৱা শলগুৰি সত্ৰৰ গোপাল কলিতা নামৰ এগৰাকী লোকৰ গোহালিৰ গ্ৰিল ভাঙি ডেৰ লক্ষাধিক টকা মূল্যৰ দুজনী গাভিনী গাই, এটা দমৰা গৰু লৈ চোৰ উধাও হয়।

উল্লেখ্য যে, সান্ধ্য আইন চলি থকাৰ সময়তো এনেদৰে আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ গোহালি উদং কৰি গৰু চুৰি হোৱাৰ বাবে ৰাইজ শংকিত হৈ পৰিছে। ইতিমধ্যে গোপাল কলিতাই গৰু চুৰি সন্দৰ্ভত বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।