অসম

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাকে ধৰি বকোৰ সৌন্দৰ্য্য বহন কৰা তেৰটাকৈ বিশেষ প্ৰতিমূৰ্তিক চৰকাৰৰ অৱহেলা…

asomiyapratidin

ডিজিটেল সংবাদ,বকো: কামৰূপ জিলাৰ বকোত থকা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, জননেতা সব্যসাচী ৰাভাকে ধৰি তেৰটাকৈ প্ৰতিমূৰ্তি অৱহেলিতহৈ পৰিছে। বকোৰ ছমৰীয়াসত্ৰলৈ যোৱা পথৰ সমীপত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে থকা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা,জননেতা সব্যসাচী ৰাভাকে ধৰি শনিবৰীয়া বজাৰৰ কাষৰ ঐতিহাসিক ৰজাবহা শিলৰ ওপৰত তেৰটাকৈ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছিল ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ২০o৮-o৯ বিত্তীয় বৰ্ষৰ ধনেৰে।

প্ৰাক্তন মুখ্য কাৰ্যবাহী ডা৹ শৰৎ চন্দ্ৰ ৰাভাৰ কাৰ্যকালত বকোক অন্য মাত্ৰা প্ৰদান কৰাৰ লগতে ঐতিহ্যমণ্ডিত কৰাৰ উদ্দেশ্যেৰে নিৰ্মাণ কৰা ঐতিহাসিক প্ৰতিমূৰ্তি কেইটা নিৰ্মাণৰ পিছৰে পৰা ৰং দিয়া নাই। যাৰবাবে ইমান ধুনীয়া প্ৰতিমূৰ্তি কেইটা দেখিবলৈ বেয়া লগা হৈছে। ইয়াৰ উপৰিও প্ৰতিমূৰ্তিকেইটা চৰাই-চিৰিকটিৰ মল আৰু ধূলি-মাকতিয়ে ঢাকি পেলাইছে। সাম্প্ৰতি একাংশ সমাজ-সংগঠনৰ নেতা-কৰ্মীয়ে হা-হুমনিয়াহ কাঢ়ি প্ৰতিমূৰ্তি কেইটাৰ তলত সময়ে সময়ে চাকি-বন্তি জ্বলাইছে। অভিযোগ মতে বকোৰ বিধায়িকা নন্দিতা দাসৰ ওচৰত এই বিশেষ প্ৰতিমূৰ্তি কেইটাত ৰং দিয়াৰ ব্যৱ্স্থা কৰিবলৈ সমাজ-সংগঠনে দাবী জনাইছিল ।

কিন্তু এতিয়ালৈকে বিধায়িকাগৰাকীয়ে মনকাণ দিয়া ৰাইজৰ পৰিলক্ষিত হোৱা নাই। বকোৰ এই প্ৰতিমূৰ্তি কেইটাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু জননেতা সব্যসাচী ৰাভাৰ প্ৰতিমূৰ্তি দুটা বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেন সিংহ আৰু ঐতিহাসিক ৰজাবহা শিলৰ ওপৰৰ প্ৰতিমূৰ্তি এঘাৰটা নিৰ্মাণ কৰিছিল শিল্পী চন্দ্ৰ পালে। উল্লেখ্য বকোৰ হাহিম যোগডোৱাগাঁৱৰ বিশিষ্ট ব্যক্তি জননেতা সব্যসাচী ৰাভাৰ ২০০১ ইং বৰ্ষত অকাল বিয়োগ হয়।১৯৮০ইং বৰ্ষত গঠিত হোৱা নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক,১৯৮৬ ইং বৰ্ষত সংযুক্ত সংৰক্ষণ আন্দোলন পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি, নিখিল ৰাভা সাহিত্য সভাৰ সম্পাদক ,১৯৯৫ইং বৰ্ষত ৰাভা হাছঙ স্বায়ত্ব শাসিত পৰিষদৰ প্ৰথমগৰাকী মুখ্যকাৰ্যবাহী আছিল জননেতা সব্যসাচী ৰাভা।

তেতিয়াৰ দিনতেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰয়াত সব্যসাচী ৰাভাই দূধনৈ মহাবিদ্যালয়ত অধ্যাপনাও কৰিছিল। ৰাজ্যৰ দুটাকৈ উল্লেখযোগ্য বিধানসভা সমষ্টি দিশপুৰত১৯৮৫ইংবৰ্ষত আৰু ছয়গাঁৱত ১৯৯১ ইং বৰ্ষত জননেতাগৰাকীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। জননেতাগৰাকীয়ে সামাজিক,ৰাজনৈতিক আৰু শৈক্ষিক ক্ষেত্ৰত আগবঢ়োৱা উল্লেখিত উদাহৰণ কেইটা সাধাৰণ উদাহৰণহে । ব্যক্তিগৰাকীৰ ইমান বেছি অৰিহণা আছে বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি।সামাজিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৰিহণা থকা জননেতা সব্যসাচী ৰাভাৰ ওপৰত বিশেষ গৱেষণাৰ প্ৰয়োজন ।

অথচ বকোত থকা তেওঁৰ প্ৰতিমূৰ্তিৰ উপৰিও সেই প্ৰতিমূৰ্তিৰ বিপৰীত দিশত থকা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিমূৰ্তিটোও অৱহেলিত হোৱাই এইখন চৰকাৰে যে সমাজ-সংস্কৃতিত বিশেষ অবদান থকা ব্যক্তিৰ মোল নুবুজে সেই কথাই প্ৰতিপন্ন হৈছে । আনহাতে বকোৰ শনিবাৰ বজাৰৰ সমীপৰ ঐতিহাসিক ৰজাবহা শিলত শিল্পী চন্দ্ৰ পালে নিৰ্মাণ কৰা প্ৰতিমূৰ্তি এঘাৰটাৰো একেই দুৰৱস্হা। কিংবদন্তি অনুসৰি সেই ৰজা বহা শিলটোত ৰাইজে একেলগে বহি ৰাজহুৱা সভা-সমিতি অনুষ্ঠিত কৰিছিল। এনেধৰণৰ ঐতিহাসিক দৃশ্য ইতিহাস সাক্ষী হিচাপে ধৰি ৰাখিবলৈ প্ৰয়াস কৰাৰ পিছতো বৰ্তমানৰ চৰকাৰে তেনে গুৰুত্বপূৰ্ণ প্ৰয়াসৰ মূল্য দিব জনা নাই। বকোৰ ৰাইজে অন্তত: প্ৰতিমূৰ্তি কেইটাত ৰং দিয়াৰ ব্যৱস্হা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।