অসম

প্ৰকাশ পালে ডঃ দেৱ প্ৰসাদ বৰুৱাৰ স্মৃতিৰক্ষা সমিতিৰ তৃতীয় খন গ্ৰন্থ…

asomiyapratidin

ডিজিটেল ডেস্ক : অৱশেষত প্ৰকাশ পালে ডঃ দেৱ প্ৰসাদ বৰুৱাৰ স্মৃতিৰক্ষা সমিতিৰ তৃতীয় খন গ্ৰন্থ । চিন্তা আৰু কৰ্মৰ এক বিশাল পৰিমণ্ডলত বিচৰণ কৰা ডঃ দেৱ প্ৰসাদ বৰুৱাক অতি ওচৰৰ পৰা অধ্যয়ন কৰিছিল বহুজনে।

অধ্যয়ন, শিক্ষকতা, গৱেষণা, শ্ৰমিক আন্দোলন, জাতীয় আন্দোলন, সমাজ সংস্কাৰৰ পদক্ষেপসমূহৰ লগতে ছাত্র-যুৱক-নাৰী আদি সমাজৰ প্ৰতিটো স্তৰত আত্মিক হৈ পৰা ডঃ দেৱ প্ৰসাদ বৰুৱাৰ ওপৰত বিশ্লেষণ আগবঢ়াই আহিছে বহুজনে। এই গ্ৰন্থ খন সম্পাদনা কৰিছে অদীপ কুমাৰ ফুকন, চাৰ্লাছ বৰুৱা আৰু ড০কান্তা চক্ৰবৰ্তীয়ে ।

আনকি ৰাজ্যৰ গণ সংগঠন সমূহৰ বৌদ্ধিক অভিভাৱক হৈ পৰিছিল ডঃ দেৱ প্ৰসাদ বৰুৱা। অসমৰ সমাজ জীৱনৰ এই বৰেণ্য ব্যক্তিসকলৰ মাজৰ পৰা কিছু ব‍্যক্তিৰ ডঃ দেৱ প্ৰসাদ বৰুৱাৰ জীৱন দৰ্শন তথা কৰ্মৰাজিৰ ওপৰত কৰা বক্তব্য পাঠক সমাজৰ কাষলৈ নিয়াটোয়ে এই গ্ৰন্থখনৰ উদ্দেশ্য আৰু এই আলোচনাৰ মাজত তেখেতৰ কৰ্মজীৱনক উপলব্ধি কৰিব পাৰিব বুলি আশাবাদী ডঃ দেৱ প্ৰসাদ বৰুৱাৰ স্মৃতিৰক্ষা সমিতি । ইফালে সমিতিয়ে গ্ৰন্থ খনৰ বেটুপাত অংকন কৰা বাবে সঞ্জীৱ বৰালৈ ধন্যবাদ জ্ঞাপন কৰে ।