অসম

ছাগলী চুৰি কৰিবলৈ আহি গৃহস্থকে হত্যা কৰা দুৰ্ধষ হত্যাকাৰী, গভাইত চোৰ আব্দুল কাদিৰক গ্ৰেপ্তাৰ

asomiyapratidin

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁও আৰক্ষীৰ মূৰৰ কামোৰনি হৈ পৰা দূৰ্ধষ হত্যাকাৰী তথা চোৰ আব্দুল কাদিৰক বুধবাৰে নিশা চামগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ ২০১৮ বৰ্ষৰ ২৯ ডিচেম্বৰত চামগুৰি আৰক্ষী থানাৰ অধীনৰ বৰমা বিলত নিশা ছাগলী চুৰ কৰিবলৈ আহি গৃহস্থৰ সৈতে মুখামুখি হোৱাত গভাইত চোৰ আব্দুল কাদিৰে আন কেইবাজনো সহযোগীৰ লগত এএছ০২-ইউ-১৩১৫ নম্বৰৰ এখন এল্ট' গাড়ীৰে গৃহস্থ আব্দুল হাইক ৰচী লগাই হিন্দী চিনেমাৰ ষ্টাইলত চোঁচৰাই হত্যা কৰি পথৰ কাষত পেলাই থৈ গৈছিল৷

পৰৱতী সময়ত আৰক্ষীয়ে অনুসন্ধান কৰি হত্যাকাণ্ডত ব্যৱহৃত গাড়ীসহ আন এক অভিযুক্ত আনাৰুল হকক নগাঁও লাওগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল৷ ঘটনা সংঘটিত কৰিয়েই হত্যাকাণ্ডৰ আন এক মূল অভিযুক্ত আব্দুল কাদিৰে আৰক্ষীৰ চকুত ধুলি দি পলাতক হৈ আছিল৷ বুধবাৰে নিশাও মূল হত্যাকাৰী তথা গভাইত চোৰ আব্দুল কাদিৰে ৰূপহীহাটত গৰু চোৰ কৰিবলৈ যোৱাত স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

ধৃত আব্দুল কাদিৰৰ ঘৰ নগাঁও লাওগাঁৱত বুলি জানিব পৰা গৈছে৷ চামগুৰি আৰক্ষীয়ে হত্যাকাৰী তথা গভাইত চোৰ আব্দুল কাদিৰৰ বিৰুদ্ধে চামগুৰি আৰক্ষী থানাত ৮৪০/১৮ নম্বৰত এক গোচৰ ৰজু কৰি ভাৰতীয় দণ্ড বিধি আইনৰ ৩৮০/৩০২ ধাৰাৰ অধীনত ৰঙাঘৰলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।