অসম

ঠেঙাল কছাৰী পৰিষদৰ নিৰ্বাচনঃ ৮৬,৩৫১ গৰাকী ভোটাৰে নিৰ্ধাৰণ কৰিব ৫৮ জন প্ৰাৰ্থীৰ ভৱিষ্যত

asomiyapratidin

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে অনুষ্ঠিত হৈছে ঠেঙাল কছাৰী পৰিষদৰ নিৰ্বাচন। যিসময়ত ৰাজ্যত কোভিড পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে তাৰ মাজতে অনুষ্ঠিত হৈছে এই পৰিষদৰ নিৰ্বাচন। এই নিৰ্বাচনত যোৰহাট, গোলাঘাট, ধেমাজি, ডিব্ৰুগড়, লখিমপুৰ জিলাৰ মুঠ ২২ টা সমষ্টিৰ ৫৮ জন প্ৰাৰ্থীৰ বাবে অনুষ্ঠিত হৈছে এই নিৰ্বাচন। যোৰহাট জিলাত ১০ টা, গোলাঘাট জিলাত ৫ টা ডিব্ৰুগড়ত ৫ টা, লখিমপুৰত ১ টা, ধেমাজিত ১ টা সমষ্টিৰ সৈতে মুঠ ২২ টা সমষ্টি আছে।

পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হৈ থকা এই নিৰ্বাচনত বিজেপিৰ ১৭ গৰাকী, কংগ্ৰেছৰ ২০ গৰাকী অসম গণ পৰিষদৰ ৫ গৰাকী চি আইৰ ৩ গৰাকী, অজাপৰ ১ গৰাকী আপৰ ১ গৰাকী আৰু নিৰ্দলীয়ভাৱে ২০ গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে। মুঠ ১৫৩ টা কেন্দ্ৰত ৮৬,৩৫১ গৰাকী ভোটাৰ আছে।

উল্লেখ্য যে বিয়লি ৪ বজালৈকে অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচনক কেন্দ্ৰ কৰি ভোটাৰৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে। পুৱা ৭ বজাত ভোটকেন্দ্ৰ মুকলি হোৱাৰে পৰা ভাটাৰে ভোট দিবলৈ ভোট কেন্দ্ৰলৈ ঢাপলি মেলিছে আৰু ভোটাধিকাৰ সাব্যস্ত কৰিছে।