অসম

বিশ্বনাথত গনপ্ৰহাৰৰ বলি হোৱা চৌকত আলীক ১লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ ৰাষ্ট্ৰীয় মানব অধিকাৰ আয়োগৰ…

asomiyapratidin

ডিজিটেল ডেস্ক : বিশ্বনাথ জিলাৰ বিশ্বনাথ চাৰিআলি বজাৰত চাহৰ দোকানত গো মাংস বিক্ৰী কৰাৰ অভিযোগত সাধৰন জনসাধৰনে মাৰধৰ কৰা চৌকট আলীক অসম চৰকাৰে ১ লাখ টকা দিয়াৰ নিৰ্দেশ ৰাষ্ট্ৰীয় মানব আধিকাৰ আয়োগৰ ।উল্লেখ্য যে ২০১৯ বৰ্ষৰ ৭ এপ্ৰিলত বিশ্বনাথ চাৰিআলিৰ মধুপুৰ বজাৰত শওকট আলীক আৰক্ষী লোকৰ সন্মুখতে মাংস বিক্ৰী কৰাৰ অভিযোগত প্ৰহাৰ কৰিছিল ।

পিটিআিইৰ বাতৰি অনুসৰি ৬ সপ্তাহৰ ভিতৰত ক্ষতিপূৰন আদায় দিয়াৰ লগতে প্ৰমান পত্ৰ জমা দিবলৈ ৰাষ্ট্ৰীয় মানব অধিকাৰ আয়োগে নিৰ্দেশ দিছে অসমৰ মুখ্য সচিবক । এই সন্দৰ্ভত মানব অধিকাৰ আয়োগত গোচৰ তৰিছিল বিৰোধী দলপতি দেবব্ৰত শইকীয়াই । এই গোচৰৰ ভিত্তিত মানব অধিকাৰ আয়োগে অসমৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ কাৰন দৰ্শোৱাৰ জাননী জাৰি কৰিছিল যদিও জাননীৰ কোনো উত্তৰ নপোৱাত এই নিৰ্দেশ দিয়ে আয়োগে ।