অসম

আৰ্য গ্ৰুপৰ প্ৰতিষ্ঠানত আয়কৰ বিভাগৰ তালাচী অভিযান…

asomiyapratidin

ডিজিটেল ডেস্কঃ শুকুৰবাৰে ৰাতিপুৱাৰে পৰা আয়কৰ বিভাগে আৰ্য গ্ৰুপৰ আটাইকেইটা প্ৰতিষ্ঠানতে তালাচী অভিযান চলাইছে। এই তালাচীত আয়কৰ বিভাগৰ ১৫০ জন বিষয়াৰ এটা দলে আৰ্য গ্ৰুপৰ ২০ টা বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলায়।

এই অভিযানত পবিতৰাস্থিত আৰ্য ইক' কেম্পৰ লগতে পল্টন বজাৰস্থিত আৰ্য হস্পিতালটো তালাচী চলাইছে দলটোৱে। অভিযানৰ নেতৃত্ব দিছে ড০ বিজয় গোস্বামী, অনিল শৰ্মা আৰু ৰাম কৃষ্ণ প্ৰধানে।বৰ্তমানলৈ অহা তথ্য অনুসৰি আৰ্য গ্ৰুপৰ অৰ্থনৈতিক বিসংগতিৰ বাবে এই অভিযান চলাইছে আয়কৰ বিভাগে।