অসম

বগীবিল দলঙেৰে চলিল প্ৰথম খন ৰাজধানী এস্কপ্ৰেছ, ৰে’ল খনক আদৰনি ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ…

asomiyapratidin

ডিজিটেল সংবাদ,লখিমপুৰ : ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰাইজৰ বাবে সোমবাৰৰ দিনটো এটা উল্লেখযোগ্য দিন হিচাবে বিবেচিত হ'ল ৷ কাৰণ বগীবিল দলঙৰে উত্তৰ পাৰ হৈ দিল্লীলৈ চলিল প্ৰথম খন ৰাজধানী ৰে'ল ৷ডিব্ৰুগড়ৰ পৰা ৰঙিয়াক সংযোগ কৰা উত্তৰ পাৰৰ ৪৩৮ কিঃমি ৰে'ল পথত শুনিবলৈ পোৱা গ'ল চুপাৰ ফাষ্ট ৰাজধানী এক্সপ্ৰেছৰ উকি ৷

নিৰ্দ্ধাৰিত সময় ১২-২০ মিনিটৰ পূৰ্বেই অথাৎ নিশা ১২ বজাত উত্তৰ লখিমপুৰ ৰে'ল ষ্টেচনত উপস্থিত হয় ৰাজধানী ৰে'ল ৷ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ কৰ্মী সকলে উষ্ম আদৰণি জনায় ৰে'ল খনক ৷ লখিমপুৰৰ যুৱ নেতা তথা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক মানৱ ডেকাই ৰে'ল খনৰ চালক ডিব্ৰুগড়ৰ অনন্ত মালিক ক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় ৷ৰে'ল খনত দিল্লী লৈ যাত্ৰা কৰা প্ৰথম গৰাকী যাত্ৰীকো সম্বৰ্দ্ধনা জনায় মানৱ ডেকাৰ লগতে বিজেপি কৰ্মী সকলে ৷