অসম

কাজিৰঙাৰ ইতিহাসত প্ৰথমটো ঘটনা,পাৰস্পৰিক যুঁজত বাঘ আৰু গাহৰিৰ মৃত্যু….

asomiyapratidin

ডিজিটেল সংবাদ,কাজিৰঙা : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ টেটেলিগুৰি বন শিবিৰ এলেকাত পাৰস্পৰিক যুজঁত মৃত্যু এটা ঢেঁকীয়াপতিয়া বাঘ আৰু এটা গাহৰিৰ । প্ৰায় দহ দিন পূৰ্বে এটা মতা বনৰীয়া গাহৰিৰ লগত হোৱা যুঁজৰ ফলত মতা বাঘটোৰ মৃত্যু হোৱা বুলি জানিবলৈ দিছে উদ্যান কৰ্তৃপক্ষই। কাজিৰঙাত গাহৰিৰ আক্ৰমণত বাঘৰ মৃত্যু হোৱা এইটো প্ৰথম ঘটনা।

পূৰ্বতে পবিতৰা, ওৰাং আদিত এনে ঘটনা দেখিবলৈ পোৱা গৈছে যদিও কাজিৰঙাত গাহৰিৰ আক্ৰমণত বাঘৰ মৃত্যু হোৱা ঘটনা এইটোৱে প্ৰথম। প্ৰায় দহ দিন পূৰ্বে মৃত্যু হোৱা বাঘ আৰু গাহৰিৰ উৱঁলি যোৱা মৃত দেহটো আজি উদ্ধাৰ কৰে টেটেলিগুৰিৰ বন শিবিৰৰ বন কৰ্মীয়ে। আনহাতে, পশু চিকিৎসকে বাঘ আৰু গাহৰিটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ লগতে পৰীক্ষাৰ বাবে মৃত বাঘটোৰ নমুনা সংগ্ৰহ কৰে। ইফালে, ৰাষ্ট্ৰীয় ব্যাঘ্র প্ৰাধিকৰণৰ নীতি অনুসৰি মৃত বাঘটোৰ শ দাহ কৰে বন বিভাগে।