অসম

দৰং প্ৰশাসনৰ উচ্ছেদ অভিযান…

asomiyapratidin

ডিজিটেল সংবাদ,মঙলদৈঃ ৰাজ্যত দিনক দিনে বৃদ্ধি হৈছে ভূমি বেদখলকাৰীৰ উপদ্ৰৱ। বিদ্যালয়, কাৰ্যালয়ৰ পাছতে এইবাৰ মন্দিৰৰ ভূমিও সাৰি নগ'ল ভূমি বেদখলকাৰীৰ হাতৰ পৰা।দৰঙৰ ঐতিহাসিক ধলপুৰ শিৱ মন্দিৰৰ ১৮০ বিঘা ভূমিত দৰং প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান৷

বিগত বছৰ বছৰ ধৰি মন্দিৰৰ ১৮০ বিঘা ভূমিত বেদখলকাৰীয়ে ঘৰবাৰী সাজি খেতি কৰিছিল৷
ইয়াৰ পিছতেই প্ৰশাসনেই সোমবাৰে তাৎক্ষণিকভাৱে ১৮০ বিঘা বেদখল ভূমিত উচ্ছেদ অভিযান চলায়৷ উল্লেখ্য যে, ধলপুৰৰ এই একেস্থানতে ২০১৮ চনতো প্ৰশাসনে উচ্ছেদ চলাইছিল।যদিও পুনৰ বেদখলকাৰীয়ে আহি অবৈধভাৱে জিলা প্ৰশাসনৰ চকুত ধূলি ছটিয়াই বসবাস কৰে৷