অসম

কোকৰাঝাৰত বিজেপিৰ প্ৰথমটো মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ লোকসভা নিৰ্বাচন ঘোষিত হ'বলৈ এতিয়াও বহুদিন বাকী যদিও ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিত বিজেপি দলে মিত্ৰদল ইউপিপিএলক চেৰ পেলাই বুধবাৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে বিজেপিৰ প্ৰথমটো মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দাসে । কোকৰাঝাৰ আৰু ধুবুৰী লোকসভা সমষ্টিৰ "ক্লাষ্টাৰ ইনচাৰ্জ " হিচাপে দায়িত্বত থকা মন্ত্ৰী ৰঞ্জিত দাসে কোকৰাঝাৰ জিলা বিজেপিৰ কাৰ্যলয়তে নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি কোকৰাঝাৰ , চিৰাং আৰু বাক্সা জিলা বিজেপিৰ বিষয়ববীয়া , বিজেপিৰ পাৰিষদ আদিৰ সৈতে এক বৈঠক সম্পন্ন কৰে ।

বৈঠকৰ অন্তত অনুষ্ঠিত হোৱা এক সংবাদমেলত কোকৰাঝাৰ আৰু ধুবুৰী লোকসভা সমষ্টিৰ "ক্লাষ্টাৰ ইনচাৰ্জ " হিচাপে দায়িত্বত থকা মন্ত্ৰী ৰঞ্জিত দাসে কয় যে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেন্দ্ৰীয় নেৰ্তৃবৰ্গ আৰু ৰাষ্ট্ৰীয় সমিতিয়ে সিদ্ধান্ত ল'ব । কিন্তু আমি সিদ্ধান্তৰ বাবে ৰৈ থকা নাই । ৰাষ্ট্ৰীয় সমিতিয়ে যাকে প্ৰাৰ্থী হিচাপে ঘোষণা কৰিব সেইজনে আমাৰ প্ৰাৰ্থী আৰু প্ৰাৰ্থীগৰাকীক জিকাবলৈ আমি ৰণকৌশল তৈয়াৰ কৰিছো। আমাৰ প্ৰাৰ্থী বিপুল ভোটত জিকিব । বিজেপিৰ কাৰ্যকৰ্তাই মাইক্ৰ লেভেলত কাম কৰি আছে । আমি কিমান ভোট পাম সেয়াও ক'ব পৰা যাব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিবলৈ সকলোৱে বিজেপি আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিব। বিটিআৰত শান্তি ঘূৰাই আনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচিৰ মুখ্য কাৰ্যবাহী বড়োৱে প্ৰগতিৰ হকে কাম কৰি আহিছে । ইয়াত এতিয়া দ্ৰুত উন্নয়ন সম্ভৱ হৈছে । এই সকলোবোৰ চাই ৰাইজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰাৰ স্বাৰ্থত বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিব ।

তদুপৰি অহা ১৮ ফেব্ৰুৱাৰী আৰু ২৫ ফেব্ৰুৱাৰীত বিজেপিৰ কাৰ্যকৰ্তাৰ এক সন্মিলন অনুষ্ঠিত কৰা হ'ব বুলিও সদৰি কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে । আনহাতে সাংবাদিকৰ এক প্ৰশ্নত্তোৰত মন্ত্ৰী ৰঞ্জিত দাসে বড়ো- অবড়ো বুলি বিজেপিত কোনো শব্দ নাই , আমি সকলোৱে ভাৰতীয় বুলি মন্তব্য কৰিছে । সাংবাদিকৰ আন এক প্ৰশ্নোত্তোৰত বিপিএফৰ সতে বিজেপিৰ মিত্ৰতা সন্দৰ্ভত ৰাষ্ট্ৰীয় নেৰ্তৃত্বৰ পৰা কোনোধৰণৰ নিৰ্দেশনা অহা নাই বুলি সদৰি কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে ।

ইপিনে বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ৰ মুকলিৰ পিছতে মন্ত্ৰী ৰঞ্জিত দাসে ইউপিপিএলৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক বৈঠকতো অংশগ্ৰহণ কৰে । ইয়াৰ পিছতে কোকৰাঝাৰ আৱৰ্ত ভৱনত বিভিন্ন বিভাগৰ বিষয়াৰ সতে পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী ৰঞ্জিত দাসে ।

উল্লেখ্য যে আজিৰ কাৰ্যসূচীত কোকৰাঝাৰ জিলা বিজেপিৰ সভানেত্ৰী কবিতা বসুমতাৰী , বিটিচিৰ কাৰ্যবাহী সদস্য ৰেওৰেওৱা নাৰ্জীহাৰী , চিৰাং আৰু বাকসা জিলা বিজেপিৰ সভাপতি/ সম্পাদক , বিজেপিৰ বিভিন্ন বিষয়ববীয়া আদিকে ধৰি বহুসংখ্যক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে। প্ৰণিধানযোগ্য যে আজি মন্ত্ৰী ৰঞ্জিত দাসক বিজেপিৰ কৰ্মীসকলে ফুল ছটিয়াই , কপালত তিলক পিন্ধাই আৰু আৰনাইৰে আদৰণি জনায়।