অসম

উচ্চতৰ মাধ্যমিকত নগাঁৱত তিনিটা শাখাত উত্তীৰ্ণৰ হাৰ গড়ে ৮৮.১১শতাংশ…

asomiyapratidin

ডিজিটেল সংবাদ নগাঁও : সোমবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত নগাওঁ জিলাৰ সামগ্ৰিক ফলাফল আশাব্যঞ্জক। জিলাখনত কলা, বিজ্ঞান, বাণিজ্য শাখাত এইবাৰ ফলাফল আশাপ্ৰদ। ঘোষণা কৰা ফলাফল অনুসৰি কলা শাখাত এইবাৰ জিলাখনত ৭৮৮৯গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ন হৈছিল। উত্তীৰ্ণ হয় ৬৬০১গৰাকী পৰীক্ষাৰ্থী । ইয়াৰ ভিতৰত প্ৰথম বিভাগত ১৬৭৩গৰাকী, ২য়বিভাগত ২৩৯২গৰাকী ,৩য় বিভাগত ২৫৩৬ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়। উত্তীৰ্ণৰ হাৰ ৮৩.৬৭শতাংশ।

বিজ্ঞান শাখাত জিলাখনৰ ২৪০৬গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল ।উত্তীৰ্ণ হয় ২২৫০ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়। ইয়াৰ ভিতৰত প্ৰথম বিভাগত গৰাকী, ১৬০৭ দ্বিতীয় বিভাগত ৬০৪গৰাকী, তৃতীয় বিভাগত ৩৯ গৰাকী উৰ্ত্তীন হয়। উত্তীৰ্ণৰ হাৰ ৯৩.৫২শতাংশ।

বাণিজ্য শাখাত ৮৫৭গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হয়। উত্তীৰ্ণ হয় ৭৪৭ গৰাকী।ইয়াৰ ভিতৰত প্ৰথম বিভাগত২৮৮ গৰাকী,দ্বিতীয় বিভাগত ২৬৫গৰাকী, তৃতীয় বিভাগত ১৯৪ গৰাকী উত্তীৰ্ণ হয়। উত্তীৰ্ণৰ হাৰ ৮৭.১৬ শতাংশ। কলা ,বিজ্ঞান, বাণিজ্য তিনিওটা শাখাত গড়ে উত্তীৰ্ণৰ হাৰ ৮৮.১১শতাংশ।