অসম

জঘন্য ঘটনা! তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত গৱেষক ছাত্ৰীক যৌন নিৰ্যাতন, গ্ৰেপ্তাৰ অভিযুক্তক…

asomiyapratidin

ডিজিটেল সংবাদ, তেজপুৰঃ শিশু, কিশোৰী আৰু মহিলাৰ ওপৰত চলা অত্যাচাৰ, উৎপীড়ন আৰু ঘৃণনীয় ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে। এনে সময়তে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ দৰে দেশৰ এক আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠানত এগৰাকী গৱেষক ছাত্ৰীৰ ওপৰত সতীৰ্থ গৱেষক ছাত্ৰই চলোৱা জঘন্য যৌন নিৰ্যাতনৰ ঘটনাই সভ্য সমাজক চূড়ান্তভাৱে লজ্জানত কৰিছে।

ইফালে, যৌন নিৰ্যাতনৰ সন্মুখীন হোৱা বিশ্ববিদ্যালয়খনৰ গৱেষক ছাত্ৰী গৰাকীয়ে তেজপুৰ সদৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে তদন্ত কৰি কৌশল আগৰৱালা নামৰ গৱেষক ছাত্ৰজনক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত বুধবাৰে সন্ধিয়া বিশ্ববিদ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে, তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ নিবাসত থকা এম বি বি টি বিভাগৰ গৱেষক ছাত্ৰ কৌশল আগৰৱালাই একেটা বিভাগৰে এগৰাকী সতীৰ্থ গৱেষক ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি ছাত্ৰী গৰাকীয়ে ছাত্ৰ কৌশল আগৰৱালাৰ বিৰুদ্ধে ২৬ অক্টোবৰ তাৰিখে  তেজপুৰ সদৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছিল।

গৱেষক ছাত্ৰী গৰাকীৰ এই এজাহাৰৰ ভিত্তিতে তেজপুৰ আৰক্ষীয়ে গৱেষক ছাত্ৰ কৌশল আগৰৱালাৰ বিৰুদ্ধে ২৩৭৫ /২১ নং যোগে এক গোচৰ ৰুজু কৰি ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। এইক্ষেত্ৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰীৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত আৰক্ষীয়ে ছাত্ৰজনক কালি গ্ৰেপ্তাৰ কৰি বৃহস্পতিবাৰে আদালতত হাজিৰ কৰাৰ পাছতেই আদালতে অভিযুক্ত ছাত্ৰজনক ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে৷