অসম

তেজপুৰৰ পৰা নগাঁৱলৈ ব্ৰহ্মপুত্ৰৰ তলেৰে হ’ব সুৰংগঃ চলিব ৰে’ল, গাড়ী…

asomiyapratidin

ডিজিটেল ডেস্কঃ তেজপুৰৰ পৰা নগাঁৱলৈ ব্ৰহ্মপুত্ৰৰ তলেৰে হ'ব সুৰংগ পথ। এই পথেৰে চলিব ৰে'ল আৰু গাড়ী। ইতিমধ্যে এই অভিলাষী প্ৰজেক্টৰ প্ৰথমটো প্ৰজেক্ট ৰিপৰ্ট সম্পূৰ্ণ হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত ঘোষণা কৰিলে এই কথা। বৰ্ডাৰ ৰ'ড অৰ্গেনাইজেশ্যনে ইয়াৰ কাম-কাজ চোৱাচিতা কৰিব। প্ৰাৰম্ভিক পৰ্যায়ত এই কাম থাকিলেও দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰীয়ে সেই সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতেও কথা বতৰা পাতিছে।

৬ মাহ সম্পূৰ্ণ হ'ল হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ। মুখ্যমন্ত্ৰী ৰূপে দায়িত্ব লোৱা ৬ মাহৰ অন্তত তেওঁ চৰকাৰৰ কামৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্ৰী শৰ্মাই ক'লে- যোৱা ৬টা মাহত যিবোৰ বীজ চৰকাৰে ৰোপন কৰিছে, সেই বীজৰ প্ৰতিফলন যোৱা এটা বছৰত দেখিবলৈ পাব অসমৰ ৰাইজে। কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰজেক্টৰ কথা তেওঁ সদৰি কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে- এইবাৰৰ দিল্লী ভ্ৰমণ তেওঁৰ পূৰ্বৰ ভ্ৰমণবোৰতকৈ পৃথক। গুৱাহাটীত নিৰ্মাণ হ'ব এটা ৰিং ৰ'ড। একেদৰে কাজিৰঙাত এলিভেটেড কৰিডৰ নিৰ্মাণৰ প্ৰস্তুতিও পূৰ্ণ গতিত চলি আছে। নীতিন গাডকাৰীৰ সৈতে তেওঁ এই বিষয়ে সবিস্তাৰে কথা পাতিছে। নামৰূপ সাৰ কাৰখানা পুনৰজ্জীৱিত কৰা, অসমত ৫খনকৈ সৈনিক স্কুল স্থাপন আদি কাম চৰকাৰে কৰিবলৈ লৈছে।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ সৈতেও আলোচনাত মিলিত হৈছিল হিমন্ত বিশ্ব শৰ্মা। এই আলোচনাত বিশ্ব বেংকৰ সৈতে মিডিয়াম ট্ৰাম ডেভেলপমেন্ট প্ৰজেক্টৰ সন্দৰ্ভত কথা পাতে। একেদৰে তেওঁ অসমৰ উন্নয়নৰ বাবে তেওঁৰ চৰকাৰে যোৱা ৫ টা বছৰ পৰ্যায়ক্ৰমে কাম কৰাৰ কথা দোহাৰে। চলিত মাহটোত প্ৰজেক্ট সদভাৱনা নামেৰে চৰকাৰী কাম কাজবোৰ যাতে সাধাৰণ লোকসকলে সুকলমে কৰিব পাৰে ইয়াৰ বাবেও পদক্ষেপ লোৱাৰ কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে।