অসম

নিয়মীয়া অনুশীলনৰ সময়ত উৰি থাকোতেই জুই লাগিছিল ছুখয়-৩০ত, এজন পাইলটৰ অৱস্থা সংকটজনক…

asomiyapratidin

ডিজিটেল ডেস্কঃ তেজপুৰত সংঘটিত বায়ু সেনাৰ ছুখয়-৩০ বিমানখন মিলনপুৰৰ শইকীয়া চুবুৰীৰ এখন খেতিপথাৰত ভূপতিত হোৱাৰ পাছত দাউদাউকৈ জ্বলি উঠে। বিমানখনত থকা পাইলট দুগৰাকীয়ে বিমানখনৰ পৰা ওলাই প্ৰাণৰক্ষা কৰে যদিও গুৰুতৰভাৱে আহত হৈছে বিমানখনৰ পাইলট দুগৰাকী।

ইফালে, দুৰ্ঘটনাত পতিত হোৱা বিমানখন জ্বলি ছাই হৈ যোৱা বুলি জানিব পৰা গৈছে। লক্ষণীয় যে, ছুখয়-৩০ বিমানখন অনুশীলনৰ সময়ত প্ৰায়ে দুৰ্ঘটনাৰ সন্মুখীন হয়। তেজপুৰ বায়ু সেনাৰ সূত্ৰ অনুসৰি, ৮.০৫ বজাত সংঘটিত হৈছিল এই দুৰ্ঘটনা।

নিয়মীয়া অনুশীলনৰ উৰণৰ সময়তে বিমানখনত জুই লগাত খেতিপথাৰত বিমানখন ভূপতিত কৰাই বিমানখনৰ পৰা ওলাই নিজৰ প্ৰাণৰক্ষা কৰে বৈমানিক দুজনে। ইয়াৰে এজন বৈমানিকৰ অৱস্থা সংকটজনক। কাৰিকৰী কাৰণতে এই বিমানখন দুৰ্ঘটনা সংঘটিত হোৱা বুলি বায়ু সেনাৰ সূত্ৰই সদৰী কৰিছে।

বৰ্তমান আৰ্মীৰ বেচ হাস্পতাললৈ দুয়োকে লৈ যোৱা হৈছে। প্ৰত্যক্ষদৰ্শীয়ে জানিব দিয়া মতে, বিমানখনত থকা এজন বৈমানিকৰ ভৰি এখনত বেয়াকৈ আঘাত পাইছে।