অসম

তেজপুৰৰ পূজাস্থলীত ৫ নৰকংকালৰ গান-বাজানা, VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাজ্যৰ চৌদিশে এতিয়া শাৰদীয় দুৰ্গাপুজাৰ আনন্দ-উলাহ। প্ৰতিখন পূজাস্থলীত ঢাকৰ শব্দই পূজাৰ উন্মাদনা দুগুণ বৃদ্ধি কৰিছে। কিন্তু ইয়াৰ মাজতে তেজপুৰত এখন পূজাস্থলীত দেখা গ'ল ব্যক্তিক্ৰমী দৃশ্য। মঞ্চত ৫ নৰকংকালে গীটাৰ, কী-বৰ্ডৰ পৰা আদি কৰি গীত পৰিৱেশন কৰি আমোদ দিছে দৰ্শকক। নৰকংকালৰ এই গান-বাজানা দেখি বহুতে আমোদ পাইছে যদিও কিছু শিশুৱে ভয়ত মুখ ঢাকি সেই স্থান ত্যাগ কৰিছে। ইতিমধ্যে যথেষ্ট ভাইৰেল হৈছে ভিডিঅটো। চাওক ভিডিঅ'-