- তেজপুৰত ভূপতিত ছুখয়-৩০ যুঁজাৰু বিমান।
- এতিয়াও জ্বলি আছে ভূপতিত হোৱা বিমানখন।
- অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ চেষ্টা কৰিছে জুই নিৰ্বাপনৰ।
- বিমানখনত আছিল দুজন পাইলট।
- তেজপুৰৰ মিলনপুৰৰ শইকীয়া চুবুৰীৰ সমীপৰ এখন পথাৰত খহি পৰিছে বিমানখন।
- বিমানখনত থকা দুয়ো জন বৈমানিকৰ প্ৰাণৰক্ষা হৈছে যদিও গুৰুতৰভাৱে আহত হৈছে ।
- ইতিমধ্যে উদ্ধাৰ কৰা হৈছে দুই বৈমানিকক।
- দুৰ্ঘটনা সন্দৰ্ভত এতিয়াও সবিশেষ জানিব পৰা হোৱা নাই।