অসম

তেজপুৰত কন্যা বিদ্যালয়ত সোমাই ৩ ছাত্ৰীক উদণ্ড প্ৰেমিকৰ প্ৰহাৰ, ঘটনাক লৈ হাঁহাকাৰ…

asomiyapratidin

ডিজিটেল সংবাদ, তেজপুৰঃ নাৰীৰ সুৰক্ষা কিমান আমাৰ দেশ বা ৰাজ্যত তাক লৈ প্ৰায়ে প্রশ্ন উত্থাপন হৈ আহে। কিন্তু এখন কন্যা বিদ্যালয়তো এতিয়া নাই ছাত্ৰীৰ সুৰক্ষা। তেনে এক ঘটনা সংঘটিত হৈছে তেজপুৰত। উল্লেখ্য যে, তিনিজন যুৱকে সোমবাৰে তেজপুৰৰ এখন বিদ্যালয়ৰ ভিতৰতে কেইবাগৰাকীও ছাত্ৰীৰ ওপৰত আক্ৰমন চলালে।

এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এইক্ষেত্ৰত আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, সোমবাৰৰ দিনৰ প্ৰায় ১.৩০ মান বজাত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়তে এই আক্ৰমণৰ ঘটনা সংঘটিত হয় । উল্লেখ্য যে, দীপাংকৰ বৰুৱা (১৮) নামৰ তেজপুৰ গৰৈমাৰীৰ যুৱকজনে বিদ্যালয়খনৰে একাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ সৈতে বিদ্যালয়ৰ সমপোছাকত পদুম পুখুৰীৰ পাৰত ছেল্ফি উঠি আছিল ।

এই দৃশ্য প্ৰত্যক্ষ কৰি কন্যা বিদ্যালয়খনৰ সাধাৰণ সম্পাদিকা সহ একাংশ ছাত্ৰীয়ে আপত্তি কৰাত ক্ষুদ্ধ হৈ পৰা দীপাংকৰে অতৰ্কিতে আক্ৰমণ কৰাত সাধাৰণ সম্পাদিকা সহ কেইবা গৰাকীও ছাত্ৰীক আহত হয় । আনকি উদণ্ড যুৱকজনে বিদ্যালয়খনৰ ভিতৰলৈ প্ৰৱেশ কৰিও এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰে ।

ইফালে দীপাংকৰৰ এই আক্ৰমণত আহত হোৱা দুগৰাকী ছাত্ৰীক তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ঘটনা সন্দৰ্ভত বিদ্যালয়খনত উপস্থিত হৈ আৰক্ষীয়ে আক্ৰমনকাৰী দীপাংকৰক আটক কৰাৰ পিছতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। তেজপুৰৰ ঐতিহ্যমণ্ডিত কন্যাবিদ্যালয়খনৰ শৈক্ষিক ক্ষেত্ৰত পূৰ্বৰে পৰাই যথেষ্ট সুনাম আছে৷

এনে অৱস্থাত কন্যা বিদ্যালয়খনত আজি এজন উদণ্ড যুৱকে প্ৰৱেশ কৰি এনেদৰে অপ্ৰীতিকৰ কাৰ্য সংঘটিত কৰা ঘটনাই ছাত্ৰী সকলৰ নিৰাপত্তাৰ ক্ষেত্ৰতো প্ৰশ্ন উঠিছে। এখন বিদ্যালয়ৰ ভিতৰত এনে উদ্ভণ্ডালি কৰা উদণ্ড যুৱকজনৰ বিভিন্নজন লোকে বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও  দাবী জনাইছে ৷

আনহাতেদি উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ অধ্যক্ষাই এই ঘটনাৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছে ৷ লক্ষণীয় যে, এখন কন্যা বিদ্যালয়ত ছিকিউৰিটী গাৰ্ড, শিক্ষক থকাৰ আৰু আনবোৰ পুৰুষ কৰ্মচাৰী থকাৰ পাছতো তিনিজন যুৱকে কেনেকৈ বিদ্যালয়খনৰ ভিতৰত সোমাই এনে ঘটনা সংঘটিত কৰিবলৈ সুযোগ পালে?